NORTHEAST NOW (Assamese)

পাগলাদিয়াৰ কালৰূপ : গৃহহাৰা হ’ল হাজোৰ ২০ টা পৰিয়াল

July 6, 2018 10:57 am · এন ই নাও নিউজ

বাৰিষাৰ পূৰ্বে বান আৰু গৰাখহনীয়া প্ৰতিৰোধৰ সকলো আঁচনিৰ কাম তথা মথাউৰি নিৰ্মাণৰ সকলো কাম যোৱা ৩০ এপ্ৰিলৰ ভিতৰত সম্পূৰ্ণ কৰিবৰ বাবে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়া পৰিলক্ষিত হৈছিল। কিন্তু মুখ্য মন্ত্ৰীৰ এই নিৰ্দেশ আজি অসাৰ পৰিণত হৈছে ৰাজ্যৰ বিভিন্ন অঞ্চলত।

বিগত কিছু দিন ধৰি ৰাজ্যত নেৰা নেপেৰা বৰষুণৰ ফলত বানে সংহাৰী ৰূপ ধাৰণ কৰাৰ সমান্তৰাকৈ খহনীয়াইও ধাৰণ কৰিছে কালৰূপ। ৰাজ্যৰ বিভিন্ন অঞ্চল এতিয়া বানত বুৰ যোৱাৰ লগতে খেতি-পথাৰ, ঘৰ-মাটি জাহ গৈছে নদীৰ বুকুত।

জানিব পৰা মতে হাজোৰ খলিহামাৰীতো পাগলাদিয়াৰ খহনীয়াত জাহ গৈছে ২০টাতকৈও অধিক পৰিয়ালৰ ভেটি–মাটিৰ লগতে শ শ বিঘা কৃষিভূমি। কঠোৰ পৰিশ্ৰমেৰে কৰা মৰাপাটৰ খেতি এতিয়া পাগলাদিয়াৰ নৈৰ বুকুত জাহ যোৱাত ব্যাপক ৰূপত অৰ্থনৈতিকভাৱে ক্ষতিগ্ৰস্ত হৈছে অঞ্চলটোৰ কৃষকসকল।

ইফালে অঞ্চলটোৰ একমাত্ৰ বিদ্যালয়খনৰ লগতে খলিহামাৰীৰ মছজিদটোও পাগলাদিয়াৰ বুকুত জাহ যোৱাৰ উপক্ৰম হোৱাত দিশহাৰা হৈ পৰিছে স্থানীয় অঞ্চলবাসী।

প্ৰশাসন তথা ৰাজ্য চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষই বাৰিষাৰ পূৰ্বে কোনো ধৰণৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলতেই এনেধৰণে নৈৰ বুকুত ঘৰ-দুৱাৰ, খেতি-পথাৰ জাহ যোৱা বুলি অভিযোগ উত্থাপন হৈছে।

Related News