পানেৰীত দুৰ্বৃত্তৰ দ্বাৰা দুগৰাকী ছাত্ৰীসহ এজন যুৱকক অপদস্থ

life imprisonment

অসমৰ সৰ্বত্ৰে অৰাজকতাই বিৰাজ কৰি থকা সময়তেই ওদালগুৰিৰ পানেৰীত সংঘটিত হোৱা আন ঘটনাই সমগ্ৰ অঞ্চলটোত  চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাৰ বিৱৰণি মতে, জুনিয়ৰ কলেজত অধ্যয়ন কৰি থকা ছাখিলা খাতুন (১৮) আৰু নেহা ভাৰতী (১৮) নামৰ ছাত্ৰীদুগৰাকী কলেজৰ পৰা ঘৰলৈ আহি থকা অৱস্থাত তেওঁলোকৰ চাইকেল বেয়া হয়। তেতিয়া তেওঁলোকে চাইকেল ঠিক কৰাবলৈ তেওঁলোকৰ বন্ধু মুস্তাকুল আলীৰ (২৩) সহায় বিচাৰে।

আক্ৰমণৰ বলি হোৱা যুৱকজনে জনাইছে যে কুলচী নদীৰ পাৰত থকা এটা শিলৰ মহলত বনুৱা হিচাপে কাম কৰা বসন্ত ৰাভা (৩৪) আৰু ৰাজীৱ বড়ো (৩০) নামৰ  লোকদুজনে ছাত্ৰী দুজনীক দুৰ্ব্যৱহাৰ কৰে আৰু অশালীন মন্তব্য কৰে।  অভিযুক্ত ৰাজীৱ বড়োৰ ঘৰ পানেৰী আৰক্ষী থানাৰ অন্তৰ্গত উত্তৰ মূৰমেলাত আৰু বসন্ত ৰাভাৰ ঘৰ হৰিশঙা আৰক্ষী থানাৰ অন্তৰ্গত সত্ৰপাৰাত।  নিৰ্যাতিতা ছাত্ৰীদুগৰাকীয়ে তেওঁলোকক এৰি দিবলৈ অনুৰোধ কৰা স্বত্তেও অভিযুক্ত দুজন দুষ্কাৰ্যৰ পৰা বিৰত হোৱা নাছিল।

অভিযুক্তকেইজন ইমানেই নিৰ্ভীক আছিল যে তেওঁলোকে এই অপকৰ্মত হাত উজান দিবলৈ লগৰবোৰকো আহ্বান জনাইছিল।

ছাত্ৰীকেইজনীৰ লগতে অভিযুক্তকেইজনে মুস্তাকুল আলীকো মাৰধৰ কৰিছিল।

অৱশেষত স্থানীয় বাসিন্দাই আহি ছাত্ৰীকেইজনীক বিপত্তিৰ অৱস্থাৰ পৰা উদ্ধাৰ কৰে।

অভিযুক্ত ৰাজীৱ বড়ো আৰু বসন্ত ৰাভাৰ বিপক্ষে ভাৰতীয় দণ্ডবিধি আইনৰ ৩৪১/২৯৪/৩৭৬/৫১১/৩৪ ধাৰা অনুসৰি পানেৰী আৰক্ষী থানাৰ ২৪/১৮ নং গোচৰ নম্বৰত  গোচৰ ৰুজু কৰা হৈছে। অভিযুক্ত দুজনক ওদালগুৰিৰ মুখ্য ন্যয়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয়। আদালতে অভিযুক্ত দুজনক ন্যায়িক জিম্মালৈ পঠিয়ায়।

ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থাৰ পানেৰী আৰু ওদালগুৰি শাখাই অপৰাধীকেইজনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে।