পাপনৰ চুমা বিতৰ্ক সন্দৰ্ভত মানস ৰবীনৰ মন্তব্য : অসমৰ ৰাইজ পাপনৰ কাষত থিয় দিয়ক

ManasRabin

গোটেই দেশতে প্ৰায় ধুমুহা সৃষ্টি কৰা পাপনৰ চুমা বিতৰ্ক সন্দৰ্ভত প্ৰথমবাৰৰ বাবে মন্তব্য কৰিলে জনপ্ৰিয় কণ্ঠশিল্পী মানস ৰবীনে৷ জুবিন গাৰ্গে পাপনৰ কোনো অসৎ উদ্দেশ্য নাছিল বা থাকিব নোৱাৰে বুলি কোৱাৰ পিছত মানস ৰবীনেও পাপনৰ পক্ষত থিয় দিছে। মানস ৰবীনে বিশ্বনাথৰ এটা কাৰ্য্যসূচীত উপস্থিত থকাৰ মাজতে অসমৰ ৰাইজক পাপনৰ কাষত থিয় দিবলৈ আহ্বান জনালে।

তেওঁ নিজেও পাপনৰ কাষত থকা বুলি জানিবলৈ দিয়ে। এগৰাকী শিল্পীৰ ওপৰত এনে বিতৰ্ক দুৰ্ভাগ্যজনক বুলি কয় মানস ৰবীনে৷ তেওঁ কয় যে এই বিতৰ্কৰ বাবেই পাপন পিছুৱাই যাবলগীয়া হ’ব পাৰে৷

আনহাতে শিল্পীৰ ধৈৰ্য্য বেছি বুলি দাবী কৰি তেওঁ পাপনকো ধৈৰ্য্য ধৰাৰ উপদেশ দিয়ে৷ সময়ে সকলো ঠিক কৰিব বুলি পাপনক সান্ত্বনা দিয়ে শিল্পীজনে ৷

২৫ ফেব্ৰুৱাৰিত মানস ৰবীন বিশ্বনাথৰ মিজিকাত অনুষ্ঠিত মুখ্যমন্ত্ৰী ফুটবল ট্ৰফীৰ চূড়ান্ত খেলখনত উপস্থিত হৈ খেল পৰিচালনাৰ অন্যতম দায়িত্বত থকাৰ লগতে উপস্থিত ৰাইজৰ আগত দুটাকৈ গীত পৰিৱেশনো কৰে।

সংগীত আৰু ক্ৰীড়াৰ সুন্দৰ সংমিশ্ৰণ ঘটা উক্ত অনুষ্ঠানতে সাংবাদিকে সোধা এটা প্ৰশ্নৰ উত্তৰত শিল্পীজনে নিজৰ এই স্থিতি প্ৰকাশ কৰে। অনুষ্ঠানটোত একেলগে দুটা কলাৰ মিলন ঘটিছিল। এফালে লখিমপুৰ আৰু বিশ্বনাথ জিলাৰ সুদক্ষ ফুটবল খেলুৱৈৰ দুভৰিৰ যাদুৰ সোৱাদ আৰু আনফালে সংগীত শিল্পী মানস ৰবীন আৰু সুবিল বাৰ্গৰ কণ্ঠ নিগৰিত মন মতলীয়া কৰা গীতৰ তালে তালে দৰ্শকৰ নৃত্য ৷

উল্লেখযোগ্য যে বিশ্বনাথৰ মিজিকাত চাহ জনজাতি কল্যাণ বিভাগৰ উদ্যোগত দুদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত মুখ্য মন্ত্ৰী কাপ ফুটবল খেলৰ চূড়ান্ত খেলখনত মুখামুখি যুঁজত অৱতীৰ্ণ হয় বিশ্বনাথ জিলা ফুটবল একাদশ আৰু লখিমপুৰ জিলা ফুটবল একাদশ৷

মূলতঃ বিশ্বনাথ, শোণিতপুৰ, লখিমপুৰ, নগাঁও এই চাৰিখন জিলাৰ মাজত অনুষ্ঠিত এই দুদিনীয়া খেলখনত বিৰতিলৈকে দুয়োটা দলেই গ’ল দিয়াত ব্যৰ্থ হয় যদিও বিৰতিৰ পাছত ১-০ গ’লৰ ব্যৱধানত জয় লাভ কৰে লখিমপুৰ জিলা একাদশে ৷

খেলখনত মুখ্য অতিথি ৰূপে উপস্থিত থাকে অসমৰ সংগীত জগতৰ তাৰকা শিল্পী মানস ৰবীন আৰু সুবিল বাৰ্গ ৷ লগতে কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্ত, শক্তি মন্ত্ৰী পল্লৱলোচন দাস, বিধায়ক প্ৰমোদ বৰঠাকুৰ, জিলা উপায়ুক্ত ধীৰাজজ্যোতি কলিতা, জিলা ক্ৰীড়া বিষয়া মনোৰমা দাসৰ লগতে বিশ্বনাথ তথা ৰাজ্যৰ বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকি খেলুৱৈ সকলক উৎসাহিত কৰে ৷

খেলখন পৰিচালনা কৰিছিল মুখ্য পৰিচালক মহানন্দ বৰকটকীকে মুখ্য কৰি পৰিচালক অশোক কৈৰী, ৰনজিৎ ছেত্ৰী আৰু সুৰেন্দ্ৰ তাছাই৷ চূড়ান্ত খেলখনৰ সমাপ্তিত সংগীতশিল্পী সুবিল বাৰ্গ আৰু মানস ৰবীনে গীত পৰিৱেশন কৰি উপস্থিত ক্ৰীড়ীপ্ৰেমী ৰাইজক আমোদ প্ৰদান কৰে ৷ ইয়াৰ পিছতে বিজয়ী দলটোক বঁটা প্ৰদান কৰে কেৱিনেট মন্ত্ৰী ৰঞ্জিত দত্তই ৷