সদৌ অসম পাবলিছাৰ্ছ এণ্ড বুক ছে’লাৰছ এছ’চিয়েশ্যনে (AAPBSA) জনাইছে যে তেওঁলোকে চৰকাৰে ৰাজ্যখনৰ ছাত্ৰ-ছাত্ৰীসকলক একাদশ শ্ৰেণী পৰ্যন্ত বিনামূলীয়া কিতাপ দিয়াৰ যি সিদ্ধান্ত লৈছে তাৰ বিৰুদ্ধে প্ৰতিবাদ হিচাপে অহা ২০ ৰ পৰা ২৩ ডিচেম্বৰলৈকে সমগ্ৰ অসমতে এছ’চিয়েশ্যনৰ অন্তৰ্ভুক্ত সকলো বিপণি বন্ধ ৰাখিব। সদৌ অসম পাবলিছাৰ্ছ এণ্ড বুক ছে’লাৰ এছ’চিয়েশ্যনৰ সাধাৰণ সম্পাদক ধীৰাজ গোস্বামীয়ে কয় যে চৰকাৰৰ এই সিদ্ধান্তই অসমৰ গ্ৰন্থ প্ৰকাশক তথা বিক্ৰেতাসকলক মাধমাৰ শোধাব। কিয়নো তেওঁলোকে এই পাঠ্যপুথি আৰু তাৰ প্ৰসংগ গ্ৰন্থ প্ৰকাশ কৰি তথা বিক্ৰী কৰি জীৱিকা উলিয়াই আছে। তেওঁলোকে এই পদক্ষেপৰ বিৰুদ্ধে হস্তক্ষেপ বিচাৰি মুখ্য মন্ত্ৰীক এখন স্মাৰকপত্ৰ প্ৰদান কৰে, যিখনৰ বক্তব্যক বহুকেইজন সাহিত্যিক, বুদ্ধিজীৱীয়ে সমৰ্থন কৰা বুলি তেওঁলোকে জানিবলৈ দিয়ে। তেওঁলোকে চৰকাৰলৈ এইটো বিকল্প আগ বঢ়ায় যে ছাত্ৰ-ছাত্ৰীসকলক বিনামূলীয়া কিতাপ দিয়াৰ পৰিৱৰ্তে তেওঁলোকক জলপানি দিয়াৰ ব্যৱস্থা কৰক, যাতে ছাত্ৰ-ছাত্ৰীসকলে তাৰে বজাৰৰ পৰা কিতাপ কিনিব পাৰে। কিন্তু তাকে নকৰি, বিনামূলীয়া কিতাপ যোগান ধৰিলে বহুতো গ্ৰন্থ ব্যৱসায়ীৰ উপাৰ্জনৰ বাট মৰিব বুলি কয়।
উল্লেখযোগ্য যে চৰকাৰে আজি কেইবাবছৰৰ পৰা প্ৰাথমিক পৰ্য্যায়ত বিনামূলীয়া পাঠ্যপুথিৰ যোগান ধৰি আহিছিল যদিও যোৱা বছৰৰ পৰা নৱম আৰু দশম শ্ৰেণীৰ বাবেও বিনামূলীয়া পাঠ্যপুথিৰ যোগান ধৰাৰ ব্যৱস্থা কৰিছে। অহা বছৰৰ পৰা একাদশ আৰু দ্বাদশ শ্ৰেণীৰ বাবেও বিনামূলীয়া পাঠ্যপুথিৰ যোগান ধৰিবলৈ ওলোৱা বাবে স্থানীয় গ্ৰন্থ ব্যৱসায়ীসকল তেওঁলোকৰ ব্যৱসায়ক লৈ শংকিত হৈ পৰিছে। চৰকাৰৰ এই সিদ্ধান্তৰ প্ৰতিবাদত এছ’চিয়েশ্যনে ২০ ৰ পৰা ২৩ ডিচেম্বৰলৈকে তেওঁলোকৰ এছ’চিয়েশ্যনৰ অন্তৰ্গত প্ৰতিষ্ঠানবোৰ বন্ধ ৰখাৰ লগতে অহা ২২ ডিচেম্বৰৰ পৰা ২ জানুৱাৰিলৈকে চানমাৰিৰ অসম কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানৰ খেলপথাৰত প্ৰকাশন পৰিষদে পাতিব লগীয়া গ্ৰন্থমেলাত অংশ গ্ৰহণ নকৰাৰ সিদ্ধান্ত লৈছে।