পাহাৰ দখলৰ লক্ষ্যৰে হাফলঙত আজি অগপৰ বিশাল কৰ্মী সভা

09-07-18 Langting- AGP party meeting (7)

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ সাধাৰণ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি শাসক দল  বিজেপিয়ে অঞ্চলটোত তৎপৰতা প্ৰদৰ্শন কৰাৰ সমান্তৰালকৈ অসম গণ পৰিষদ চমুকৈ অগপইও পাহাৰীয়া জিলাখনত ভেটি সুদৃঢ় কৰাৰ লক্ষ্যৰে তৎপৰ হৈ উঠিছে।

বিভিন্ন কাৰ্যসূচী হাতত লৈ ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী তথা বিজেপিৰ নেতা ড০ হিমন্ত বিশ্ব শৰ্মা ডিমা হাচাওত উপস্থিত হোৱাৰ দিনাই অৰ্থাৎ সোমবাৰে অগপৰ প্ৰতি আস্থা প্ৰদৰ্শন কৰি জিলাখনৰ এক বৃহৎ সংখ্যক লোকে অগপত যোগদান কৰা কাৰ্যই ৰাজনৈতিক মহলত বিশেষ চৰ্চা হোৱা পৰিলক্ষিত হয়।

উল্লেখ্য যে পাৰ্বত্য জিলাখনত অগপৰ স্থিতি টনকিয়াল কৰাৰ বাবে গুৱাহাটীৰ পৰা গৈ হাফলঙত উপস্থিত হোৱা অগপ সভাপতিৰ লগতে কেন্দ্ৰীয় সমিতিৰ এটা দলক সোমবাৰে উষ্ণ আদৰণি জনাইছে জিলাখনৰ সৰ্বসাধাৰণ ৰাইজে।

জিলা অগপৰ নেতৃত্বত লাংটিঙত আয়োজিত আদৰণি সভাত দলটোৰ কেন্দ্ৰীয় নেতৃবৃন্দই সভাত উপস্থিত থকা বিশাল জনতাক সম্বোধন কৰে। দলীয় সভাত অংশগ্ৰহণৰ উদ্দেশ্যে কেন্দ্ৰীয় সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, মন্ত্ৰী ফণীভূষণ চৌধুৰী, সাধাৰণ সম্পাদক ডাঃ কমলাকান্ত কলিতাৰ লগতে বহুতো জ্যেষ্ঠ নেতা পাহাৰীয়া ৰাজ্যখনত সোমবাৰে উপস্থিত হয়।

আদৰণি সভাত অংশগ্ৰহণ কৰি দলৰ কেন্দ্ৰীয় সভাপতি অতুল বৰাই অসম গণ পৰিষদ দলৰ ধৰ্মনিৰপেক্ষ আৰু আঞ্চলিকতাবাদী দৃষ্টিভংগীৰ প্ৰতি জনসাধাৰণৰ স্বতঃস্ফূৰ্ত সঁহাৰিয়ে আঞ্চলিক দলটোৰ প্ৰাসংগিকতাকে প্ৰতিপন্ন কৰা বুলি মতপোষণ কৰে।

খিলঞ্জীয়া লোকৰ সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক নিৰাপত্তা সুনিশ্চিত কৰাৰ ক্ষেত্ৰত অগপ দলে কোনো দিনে আপোচ কৰা নাই আৰু নকৰে। অসমৰ স্বাৰ্থত সকলোৱে একগোট হৈ আঞ্চলিক দলটোৰ ভেটি সুদৃঢ় কৰিলেহে অসমৰ ভৱিষ্যত সুৰক্ষিত হ’ব বুলি সভাপতি বৰাই মন্তব্য আগবঢ়ায়।

অগপৰ কেন্দ্ৰীয় দলটোক আদৰাৰ উদ্দেশ্যে আয়োজিত সভাত সাধাৰণ সম্পাদক ডাঃ কমলাকান্ত কলিতা, সম্পাদক দেৱৰাজ দিব্ৰাগেজে, দেৱজিৎ থাওচেন, প্ৰশান্ত ৱাৰিছা, জেদ নুনিচা আৰু জিলা সমিতিৰ সভাপতি-সম্পাদক প্ৰমুখ্যে বহুতো নেতা উপস্থিত থাকে।

ইফালে হাফলঙত আজি অগপই এখন বিশাল কৰ্মী সমাৱেশ আয়োজন কৰিছে। এই কৰ্মী সমাৱেশৰ জৰিয়তে আগন্তুক স্বায়ত্ত শাসিত পৰিষদীয় নিৰ্বাচনত ৰাইজৰ আস্থা লাভ কৰাৰ প্ৰচেষ্টা চলাব। সেই উদ্দেশ্যে দলটোৰ সভপতি তথা মন্ত্ৰী অতুল বৰা, কাৰ্যকৰী সভাপতি, মন্ত্ৰী কেশৱ মহন্ত, ডাঃ কমলা কলিতা জিলাখনত উপস্থিত হোৱাৰ লগতে প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তও আজিৰ এই সমাৱেশত উপস্থিত থকাৰ সম্ভাৱণা আছে।