পুঁজি ব্যয়ত হোৱা অনিয়মে যোৰহাট পৌৰ সভাক অচল কৰাৰ পথত

Jorhat-Municipal-Board-570x320

নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা পোৱা খবৰ অনুসৰি যোৰহাট পৌৰ সভাত সংঘটিত হৈ থকা অনিয়মৰ ফলত পৌৰ সভাখন প্ৰায় অচল হোৱাৰ পৰ্য্যায়লৈ গতি কৰিছে। পৌৰ সভাৰ খোদ ৱাৰ্ড কমিশ্যনাৰসকলেই এই শংকা প্ৰকাশ কৰিছে সংবাদ মাধ্যমৰ আগত। জানিব পৰামতে, পৌৰ সভাখনত দুৰ্নীতিয়ে খোপনি পোতাৰ ফলত ইয়াৰ কাম-কাজ প্ৰায় স্তব্ধ হৈ পৰাৰ লগতে পৌৰ সভালৈ পুঁজিৰ যোগান বন্ধ হোৱাৰ উপক্ৰম ঘটিছে।

সূত্ৰটোৱে জনোৱা মতে ১৩ আৰু ১৪ বিত্তীয় কালৰ প্ৰথম অংশৰ প্ৰায় ৩ কোটি আৰু দ্বিতীয় অংশৰ প্ৰায় ৫ কোটি টকাৰ ব্যয়ৰ প্ৰমাণ পত্ৰ জমা দিবলৈ এতিয়াও বাকী আছে, যাৰ ফলত পৰৱৰ্তী কিস্তিৰ ধন মুকলি কৰি নিদিয়াৰ সম্ভাৱনাই দেখা দিছে।

এই সম্পৰ্কত নিজৰ মত ব্যক্ত কৰি ৱাৰ্ড নং ৬ৰ কমিশ্যনাৰ অংকুৰ গুপ্তাই কয় যে তেওঁৰ অঞ্চলটোৰ ভিতৰতে পৰা বৰুৱানীবাট পথটো মেৰামতিত দুৰ্নীতি হৈছে। তেওঁ এই বিষয়টো সন্দৰ্ভত যোৰহাটৰ উপায়ুক্ত আৰু দিচপুৰৰ জিলা প্ৰশাসনৰ সঞ্চালকলৈ পত্ৰ দি জনাই দিছে যে যোৰহাট পৌৰ সভাৰ প্ৰাক্তন সভানেত্ৰী অৰুণা দত্তৰ কাৰ্য্যকালত ইয়াৰ বাবে ধাৰ্য্য পুঁজি ৩৪৫৯২২.০৭ টকা আছিল। কিন্তু পিছত নতুনকৈ দায়িত্ব লোৱা  ইয়াক ৪৩৮১৬৯.০০ টকালৈ কিয় আৰু কেনেকৈ বৃদ্ধি কৰা হ’ল তেওঁ বুজি পোৱা নাই। তাৰ পিছত নতুন সভাপতি জয়ন্ত বৰকাকতীৰ দিনত ইয়াৰ ঠিকা ৰজা ময়দানৰ আজাদ চৌধুৰীক দিয়া হয়, যিজন পৌৰসভাৰ সভাপতিজনৰ আত্মীয়।

লগতে তেওঁ উল্লেখ কৰে যে ধনৰ পৰিমাণ বঢ়াই দিয়া হ’লেও কিন্তু কামৰ পৰিমাণ আৰু মান কমিলে। পথৰ দৈৰ্ঘ্য পূৰ্বৰ ১৭২ মিটাৰৰ পৰা মাত্ৰ ৭৫ মিটাৰ কৰা হ’ল। পথটোৰ তৰপৰ জোখ আৰু প্ৰস্থও নিৰ্ধাৰিত মানৰ ভিতৰত হোৱা নাছিল, যাৰ বাবে মানুহে ইয়াক লৈ অভিযোগ কৰিবলৈ ধৰিলে। ফলত ঠিকাদাৰজনে কাম বন্ধ কৰি দিব লগীয়া হ’ল। প্ৰজেক্ট ইঞ্জিনীয়াৰক এই সালসলনিবোৰ বিষয়ত সুধিও তেওঁ একো উত্তৰ পোৱা নাই বুলি কয়।

আনহাতে তেওঁ কয় যে শেহতীয়াকৈ ১৯ টা ৱাৰ্ডৰ প্ৰতিজন ৱাৰ্ড কমিশ্যনাৰৰ অধীনৰ এলেকাত উন্নয়নমূলক কামৰ বাবে ৫ লাখকৈ টকা অনুমোদন দিছিল। এইবোৰ কামৰ বাবে যোৱা নৱেম্বৰত নিবিদা আহ্বান কৰি ডিচেম্বৰত কামৰ অনুমোদন জনোৱা হয়। কিন্তু এতিয়ালৈকে এটাও ৱাৰ্ডতে কাম আৰম্ভ হোৱা নাই।

‘যদি কাম আৰম্ভ কৰি ৩১ মাৰ্চৰ ভিতৰত সম্পূৰ্ণ কৰিব পৰা গ’ল হেঁতেন আৰু ব্যয়ৰ প্ৰমাণ পত্ৰ দিব পৰা গ’ল হেঁতেন তেতিয়া হ’লে ৰাজ্য চৰকাৰে পৰৱৰ্তী কিস্তিৰ ধন মুকলি কৰি দিলে হেঁতেন। কি্ন্তু এতিয়া তাৰ সম্ভৱনা কম আছে।’ -আন এজন ৱাৰ্ড কমিশ্যনাৰে কয়।

আন এজন কমিশ্যনাৰে কয় যে ট্ৰেইড লাইচেন্সৰ মাচুল হিচাপে প্ৰায় ৩ কোটি টকা পাবলৈ বাকী আছে। সেইদৰে হৰ্ডিঙৰ মাচুল পাবলৈ বাকী আছে প্ৰায় ৬০ লাখ টকাৰ। হৰ্ডিঙৰ অনুমোদন আৰু ধন সংগ্ৰহত ব্যাপক অনিয়ম হোৱা বুলি তেওঁ জনায়। এই ধৰণে বিভিন্ন শাখাত অনিয়ম, অৱহেলা আৰু দুৰ্নীতি হৈ আছে।

উল্লেখযোগ্য যে শাসক আৰু বিৰোধী দুয়ো পক্ষৰ ৱাৰ্ড কমিশ্যনাৰেই এই দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰা দেখা গৈছে। বৰ্তমান বিজেপিৰ দখলত থকা পৌৰসভাখনত বিজেপিৰ ৱাৰ্ড কমিশ্যনাৰ ১২ জন হোৱাৰ বিপৰীতে কংগ্ৰেছৰ আছে ৭জন। জানিব পৰামতে, প্ৰাক্তন সভানেত্ৰী অৰুণা দত্ত আৰু বৰ্তমানৰ সভাপতি জয়ন্ত বৰকাকতী ফৈদৰ মাজত চলি থকা অন্তঃকন্দলেও যোৰহাট পৌৰসভাৰ কাম-কাজ ক্ষতিগ্ৰস্ত কৰিছে।