NORTHEAST NOW (Assamese)

পুনৰ অভিযোগ-প্ৰতি অভিযোগত অনিল ৰাজা-ৰকিবুল হুছেইন : এইবাৰ বিষয় ৰকিবুলৰ শিক্ষাগত অৰ্হতা

June 5, 2018 9:25 pm · অনিৰ্বাণ পাঠক

প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ বিধায়ক ৰকিবুল হুছেইনৰ বিৰুদ্ধে এটাৰ পাছত আনটো অভিযোগ আনি চৰ্চাত থকা প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা অনিল ৰাজাই ৰকিবুল হুছেইনৰ বিৰুদ্ধে পুনৰ উত্থাপন কৰে আন এক গুৰুতৰ অভিযোগ। প্ৰাক্তন মন্ত্ৰীজনৰ নামে-বেনামে থকা সম্পত্তি, ব্যাপক দুৰ্নীতি আদিৰ অভিযোগৰ পাছত এইবাৰ তেওঁৰ বিৰুদ্ধে নিৰ্বাচন আয়োগৰ ওচৰত শিক্ষাগত অৰ্হতাৰ ভুৱা তথ্য দিয়াৰ অভিযোগ আনে অনিল ৰাজাই।

মঙলবাৰে মহানগৰীৰ ভঙাগড়স্থিত বাসভৱনত এখন সংবাদমেল অনুষ্ঠিত কৰি ৰাজাই এই কথা অভিযোগ কৰে। তেওঁ জনোৱা মতে ৰকিবুল হুছেইনে ২০০১, ২০০৬, ২০১১ আৰু ২০১৬ চনৰ বিধানসভা নিৰ্বাচনৰ মনোনয়নপত্ৰ দাখিল কৰাৰ সময়ত ১৯৮৮ চনত নগাওঁ মহাবিদ্যালয়ৰ পৰা কলা শাখাৰ স্নাতক (BA)  ডিগ্ৰী পাছ কৰা বুলি ভুৱা তথ্য প্ৰদান কৰিছিল। ৰাজাই তথ্য জনাৰ অধিকাৰ আইন (RTI) ৰ যোগেদি এই কথা জানিব পৰা বুলি সংবাদমেলত প্ৰকাশ কৰে।

অনিল ৰাজাই জানিবলৈ দিয়া মতে তেওঁ ৰকিবুল হুছেইনৰ স্নাতক ডিগ্ৰী পাছ কৰাৰ তথ্য বিচাৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়কৰ ওচৰত আবেদন কৰিছিল যদিও পঞ্জীয়কে এই তথ্য বিচাৰি উলিয়াবলৈ হুছেইনৰ ৰোল নং আৰু বিশ্ববিদ্যালয়ৰ অধীনত থকা পঞ্জীয়ন নম্বৰ সঠিকভাৱে বিচাৰে। পাছত উক্ত তথ্য বিচাৰি ৰাজাই নগাওঁ মহাবিদ্যালয়ৰ অধ্যক্ষৰ ওচৰত আৱেদন কৰে। কিন্তু নগাওঁ মহাবিদ্যালয়ৰ অধ্যক্ষই সেই আৰ টি আই আৱেদনৰ ওপৰত ভিত্তি কৰি যোৱা ২৫ মে’ত অনিল ৰাজালৈ এক পত্ৰ প্ৰেৰণ কৰে, য’ত লিখা আছিল মঃ ৰকিবুল হুছেইন নামৰ ছাত্ৰজনে ১৯৭৯-৮০ বৰ্ষত নগাওঁ মহাবিদ্যালয়ত প্ৰাক-বিশ্ববিদ্যালয় (PU) প্ৰথম বৰ্ষত অধ্যয়ন কৰিছিল। কিন্তু অধ্যক্ষই আৰ টি আই আৱেদনৰ উত্তৰ পত্ৰখনত ৰকিবুল হুছেইনৰ স্নাতক পৰ্যায়ৰ তথ্য প্ৰদান কৰাত অপাৰগতা প্ৰকাশ কৰে। পত্ৰখনত উল্লেখ কৰা মতে সেই তথ্য প্ৰদানৰ সম্পূৰ্ণ কৰ্তৃত্ব বিশ্ববিদ্যালয়ৰহে আছে।

ইপিনে, অনিল ৰাজাই সংবাদমেলত ৰকিবুল হুছেইনে নিৰ্বাচন আয়োগক ভুৱা তথ্য দিয়াৰ অভিযোগ আনি এই কাৰ্যৰ গৰিহণা দি কয়, “ইয়াৰ দ্বাৰা ৰকিবুল হুছেইনে শিক্ষা ব্যৱস্থাক কলুষিত কৰিছে। ইয়াতকৈ ঘৃণনীয় কাম একো হ’ব নোৱাৰে।” তেওঁ লগতে হুছেইনক স্নাতক উত্তীৰ্ণ হোৱাৰ প্ৰকৃত প্ৰমাণ পত্ৰ ৰাজহুৱা কৰাৰো আহ্বান জনায়।

যদি ৰকিবুল হুছেইনে নিৰ্বাচন আয়োগত দাখিল কৰা প্ৰমাণপত্ৰখন সঁচা বুলি প্ৰমাণ কৰিব পাৰে তেতিয়া ৰাজাই ৰাজনীতিৰ লগতে ৰাজহুৱা জীৱন ত্যাগ কৰিব আৰু যদি প্ৰমাণ কৰিব নোৱাৰে তেতিয়া ৰকিবুল হুছেইনে ৰাজনীতিৰ লগতে ৰাজহুৱা জীৱন ত্যাগ কৰক বুলি অনিল ৰাজাই প্ৰত্যাহ্বান জনায়।

ইয়াৰ উপৰি অনিল ৰাজাই সংবাদমেলত ৰকিবুল হুছেইনক কংগ্ৰেছৰ ৯৯% মানুহেই বেয়া পায় আৰু দলটোৰ ভালৰ বাবেই কেইদিনমান তেওঁক আঁতৰি থকিবলৈ পৰামৰ্শ দিয়ে। লগতে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণসকলক অভিনন্দন জনাবলৈ পতা অনুষ্ঠানত ৰকিবুল হুছেইনক আমন্ত্রণ নজনাবলৈ আহ্বান জনায়।

 

সংবাদমেল দি ৰকিবুল হুছেইনৰ প্ৰত্যুত্তৰ :

আনহাতে, অনিল ৰাজাৰ এই সংবাদমেলৰ কিছু সময়ৰ পাছতেই ৰকিবুল হুছেইনে নগাওঁত এক সংবাদমেল অনুষ্ঠিত কৰি ৰাজাৰ অভিযোগ নস্যাৎ কৰে।

অনিল ৰাজাক এজন ঠগবাজ আখ্যা দি ৰকিবুল হুছেইনে ৰাজাৰ সকলো অভিযোগ ভিত্তিহীন বুলি মন্তব্য কৰে। তেওঁ সাংবাদিকৰ সন্মুখত নগাওঁ মহাবিদ্যালয়ৰ পৰা ১৯৮৮ চনত স্নাতক ডিগ্ৰী লাভ কৰা প্ৰমাণপত্ৰ, মাৰ্ক-শ্বীটৰ লগতে হাইস্কুল শিক্ষান্ত আৰু বিজ্ঞান শাখাত প্ৰাক-বিশ্ববিদ্যালয় পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ সকলো প্ৰমাণপত্ৰ প্ৰদৰ্শন কৰে। তেওঁ লগতে পৰীক্ষাত বেছি নম্বৰ পোৱা নাছিল বুলি স্বীকাৰ কৰি শিলচৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা বিজ্ঞানৰ শিক্ষা গ্ৰহণৰ বাবে গৈছিল যদিও সংৰক্ষিত আসনৰ বিপৰীতেহে নামভৰ্তিৰ সুযোগ পোৱা বাবে নামভৰ্তি নকৰাকৈ উভতি অহা বুলিও জানিবলৈ দিয়ে।

নগাৱঁত অনুষ্ঠিত এই সংবাদমেলতে হুছেইনে অনিল ৰাজাৰ আৱেদনৰ উত্তৰ দিয়া নগাওঁ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ শৰত বৰকটকীক সমালোচনা কৰি তেওঁ সঠিক তথ্য নিদি তথ্য ঢাকি ৰখাৰ চেষ্টা কৰা বুলি কয়।

ৰকিবুল হুছেইনে লগতে অধ্যক্ষ ড০ বৰকটকী আৰু অনিল ৰাজাৰ বিৰুদ্ধে আদালতৰ কাষ চাপিব বুলিও কয়।

উল্লেখযোগ্য যে ৰকিবুল হুছেইনে অনিল ৰাজাৰ বিৰুদ্ধে ভিত্তিহীন অভিযোগেৰে ভাবমূৰ্তি নষ্ট কৰাৰ অপচেষ্টা কৰা বুলি পূৰ্বেও গোচৰ দি থৈছে।

Related News