NORTHEAST NOW (Assamese)

পুনৰ এটা হাতীৰ মৃত্যু : বিদ্যুৎতাঁৰত লগাৰ সন্দেহ

November 21, 2017 9:04 am · এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী :

যোৱা তিনিদিন ধৰি একেৰাহে ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাতীৰ মৃত্যু হোৱা ঘটনাই বন বিভাগৰ এই ক্ষেত্ৰত অৱহেলা আৰু ব্যৰ্থতা উদঙাই দিছে। আজি পুনৰ লামডিঙত উদ্ধাৰ হৈছে বনৰীয়া হাতীৰ এটা মৃতদেহ। এঠাইত যদি ৰে’লৰ খুন্দাত হাতীৰ মৃত্যু হৈছে আন এঠাইত আকৌ দ-খাৱৈত পৰি মৃত্যু হৈছে হাতী পোৱালিৰ। আজি মৃতদেহ উদ্ধাৰ হোৱা হাতীটো বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হোৱা বুলি ৰাইজে সন্দেহ প্ৰকাশ কৰিছে। ঘটনাস্থলীত আৰক্ষী আৰু বন বিভাগৰ দল উপস্থিত হৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।

Related News