পুনৰ কাৰ্যক্ষম হোৱাৰ পথত ২য় বিশ্বযুদ্ধৰ স্মৃতি-বিজড়িত ৰূপসী বিমানঘাটী

IMG-20180523-WA0013

প্ৰায় ৫টা দশক ধৰি কাৰ্যক্ষম নোহোৱাকৈ পৰি থকা ৰূপসী বিমানঘাটী পুনৰ পুনৰ কাৰ্যক্ষম হৈ উঠাৰ আশা দেখা গৈছে। বুধবাৰে অসমত অৱস্থিত তথা এছিয়াৰ ভিতৰতে দ্বিতীয় বৃহত্তম বিমানঘাটীটো পুনৰ সক্ৰিয়া কৰাৰ বাবে স্থানীয় বাসিন্দা আৰু ভাৰতীয় বিমানঘাটী প্ৰাধিকৰণৰ বিষয়াবৰ্গৰ উপস্থিতিত বিশেষ ধৰ্মীয় অনুষ্ঠান বিমানঘাটীটোৰ ভূমি-পূজন অনুষ্ঠানো সম্পন্ন হৈ যায়।

স্থানীয় বাসিন্দাসকলে কেন্দ্ৰীয় চৰকাৰৰ এই উদ্যোগৰ শলাগ লৈ কয় যে এই এলেকাটোত বিমান পৰিবহন ব্যৱস্থা আৰম্ভ কৰা হ’লে ধুবুৰী আৰু বিটিএডিৰ বাসিন্দাসকল যথেষ্ট উপকৃত হ’ব।

বিষয়াবৰ্গসহ অহা ভাৰতীয় বিমানঘাটী প্ৰাধিকৰণৰ ডিজিএম বি পাণ্ডেই কয় যে এই বিমানঘাটীটো পুনৰুজ্জীবিত কৰাৰ বাবে প্ৰথম কিস্তিৰ ধন হিচাপে কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে ৪০ কোটি টকা মোকোলাই দিছে। ইষ্ট ইণ্ডিয়া কোম্পানীক ইতিমধ্যে বন জংঘল পৰিষ্কাৰ কৰাকে আদি কৰি প্ৰাথমিক কাম আৰম্ভ কৰাৰ যাৱতীয় নিৰ্দেশ দিয়া হৈছে আৰু কোম্পানীটোৱে অতি সোনকালে কাম আৰ্ভ কৰিব।

এবছৰৰ ভিতৰতে কোম্পানীটোৱে তেওঁলোকৰ কাম সমাপ্ত কৰিব আৰু তাৰ পাছতেই পৰৱৰ্তী কাম আৰম্ভ কৰা হ’ববুলি পাণ্ডেই কয়।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উড়ান ২ আঁচনিৰ অন্তৰ্ভুক্ত উত্তৰ-পূবৰ ৫টা বিমানঘাটীক পুনৰুজ্জীবিত কৰাৰ পৰিকল্পনাৰ ভিতৰত ৰূপসী বিমানঘাটীটোও অন্তৰ্ভুক্ত হৈছে।

উল্লেখ্য যে এক ৰণ-কৌশলগত দিশৰ পৰা অতি গুৰুত্বপূৰ্ণ একক টাৰ্মিনেল-বিশিষ্ট এই বিমানঘাটীটো ২য় বিশ্বযুদ্ধৰ সময়ত অমেৰিকাৰ বায়ুসেনাৰ বাবে নিৰ্মাণ কৰা হৈছিল।

এই বিমানঘাটীটোৰ একক টাৰ্মিনেল টাৰ্মিনেলে অত্যন্ত কম সংখ্যক যাত্ৰীলৈ সেওৱা আগবঢ়োৱাৰ সামৰ্থ আছে।

বিমানঘাটীটোৰ এলেকাৰ পৰিমাণ হৈছে প্ৰায় ৪৪৭ একৰ (১৮১ হেক্টৰ) আৰু সাগৰপৃষ্ঠৰ পৰা ১৩১ ফুট উচ্চতাত অৱস্থিত আৰু ইয়াৰ ৰানৱেৰ দৈৰ্ঘ্য হৈছে ৬,০০০ ফুট, যিয়ে যিকোনো ধৰণৰ আৰু যিকোনো আকাৰৰ বিমান ধৰণ কৰাৰ সামৰ্থ্য আছে।

উল্লেখযোগ্য যে বিটিচিয়ে ইতিমধ্যে মুঠ ৪৪৮ একৰৰ  ৩৩৭ একৰ ভূমি ভাৰতীয় বিমানঘাটী প্ৰাধিকৰণৰ হাতত অৰ্পণ কৰিছে। এই বিমানঘাটীটো আৰম্ভ হলে ইয়াৰ পৰা সমগ্ৰ নামনি অসমৰ লগতে গাৰে পাহাৰ, পশ্চিম বংগ আৰু ভূটানৰ কিয়দাংশ জনসাধাৰণ ইয়াৰ পৰা উপকৃত হ’ব।