NORTHEAST NOW (Assamese)

পুৰণিগুদামত নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে ছাত্ৰ সন্থাৰ প্ৰতিবাদ

June 7, 2018 9:57 pm · মিণ্টু দাস
Updated: June 7, 2018 10:15 pm

জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন স্থানত আজিও অব্যাহত আছে তীব্ৰ ক্ষোভ আৰু প্ৰতিবাদ। ঠিক সেইদৰে বিতৰ্কিত বিধেয়কৰ বিৰুদ্ধে নগাঁও পুৰণিগুদামতো আজি পুৰণিগুদাম আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত এলানি তীব্ৰ গণ বিক্ষোভৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

প্ৰায় সহস্ৰাধিক প্ৰতিবাদকাৰীৰ সমাৱেশেৰে বৃহত্তৰ পুৰণিগুদামৰ ৰাজপথত বাহিৰ কৰিলে বিশাল প্ৰতিবাদী সমদল। সমগ্ৰ পুৰণিগুদাম উত্তাল কৰি তোলে জয় আই অসম ধ্বনিৰে।

আনহাতে সমদলটোৰ জৰিয়তে বিতৰ্কিত বিধেয়কখন বাতিল আৰু অসম চুক্তি শীঘ্ৰে ৰূপায়ণৰ দাবীত সকলোৱে উচ্চস্বৰে ৰাজ্য চৰকাৰক দাবী উত্থাপন কৰে।

অঞ্চলটোৰ পাঁচ শতাধিক স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত পুৰণিগুদাম, উৰিয়াগাঁও আঞ্চলিক ছাত্ৰ সন্থা, অগপ আৰু বিভিন্ন স্থানীয় দল-সংগঠনৰ নেতা-কৰ্মীয়ে প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰা দেখা যায়।

Related News