পুৰীৰ পৰা অহা পুৰোহিতে উদ্বোধন কৰিব যোৰহাটৰ চিনামৰাৰ জগন্নাথ মন্দিৰ

Jagannath

যোৰহাট জিলাৰ চিনামৰাত নিৰ্মিত জগন্নাথৰ এটা মন্দিৰ অহা ২০ মাৰ্চত ভক্তৰ বাবে মুকলি কৰা হ’ব। উজনি অসমত জগন্নাথৰ এইটো দ্বিতীয় মন্দিৰ বুলি জানিব পৰা গৈছে। জয় জগন্নাথ সেৱা সমিতিৰ সম্পাদক প্ৰবীৰ নায়কে এখন সংবাদমেল যোগে এই কথা জানিবলৈ দিছে।

সংবাদমেলত সম্পাদকজনে লগতে জনায় যে উক্ত দিনা পুৰীৰ জগন্নাথ মন্দিৰৰ পৰা অহা ১১জন পুৰোহিতে বিশেষ প্ৰাৰ্থনাৰ মাজেৰে মন্দিৰটোত প্ৰাণ প্ৰতিষ্ঠা কৰিব।

উল্লেখ কৰিব পাৰি যে মন্দিৰটোৰ আধাৰশিলা স্থাপন কৰা হৈছিল ২০১২ চনত তদানীন্তন অসমৰ ৰাজ্যপাল জে বি পাটনায়কৰ দ্বাৰা।

সংবাদমেলখনত নায়কে কয় যে ৭০ ফুট উচ্চতাৰ মন্দিৰটো কেৱল ইটা আৰু চিমেণ্টৰ দ্বাৰা নিৰ্মাণ কৰা হৈছে আৰু গাঁথনিটো যিমান পাৰি আচলটোৰ নিচিনা কৰিবলৈ চেষ্টা কৰা হৈছে।

ইয়াত থাকিব লগীয়া তিনিটা মূৰ্তি, ক্ৰমে জগন্নাথ, বলভদ্ৰ আৰু সুভদ্ৰা- আটাইকেইটা এটুকুৰা কাঠৰ পৰা নিৰ্মাণ কৰা হৈছে আৰু উচ্চতা তিনি ফুটৰ।

এই মন্দিৰটোৰ বাবে গুৱাহাটীৰ এজন প্ৰতিষ্ঠিত ব্যৱসায়ী শংকৰ বিৰলাই ২.৫ কঠা মাটি দান কৰিছিল। সংবাদমেলত নায়কে জনোৱা মতে ইয়াৰ নিৰ্মাণ ব্যয় ৪০০ কোটি আছিল আৰু এইবোৰ দানযোগে লাভ কৰা হৈছিল। তেওঁ জনোৱামতে এই বছৰৰ পৰা ৰথযাত্ৰাৰ আয়োজন কৰা হ’ব। বিভিন্ন অসুবিধাৰ বাবে পুৰীৰ জগন্নাথ দৰ্শন কৰিব নোৱৰা ভক্তসকলৰ বাবে এইটোৱে সন্তুষ্টি প্ৰদান কৰিব বুলি তেওঁ কয়।