পূব গাৰো পাহাৰত সংঘৰ্ষত নিহত জিএনএলএৰ উপ মুখ্য সেনাধ্যক্ষ

জিএনএলএ বিদ্রোহীৰ প্রতিনিধিত্বমূলক ফটো

গাৰো নেশ্যনেল লিবাৰেশ্যন আৰ্মি (জিএনএলএ)ৰ শিৱিৰত তীব্ৰ জোকাৰণি তুলি বৃহস্পতিবাৰে উইলিয়াম নগৰত সুৰক্ষা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত বিদ্ৰোহী গোটটোৰ উপ মুখ্য সেনাধ্যক্ষগৰাকী নিহত হয়।

গাৰো নেশ্যনেল লিবাৰেশ্যন আৰ্মিৰ উপ মুখ্য সেনাধ্যক্ষ মেট্চলেঙ এম ছাংমা ওৰফে ভিয়েটনামক পূব গাৰো পাহাৰ জিলাৰ উইলিয়াম নগৰৰ পৰা প্ৰায় ১০ কিলোমিটাৰ নিলগৰ বাৱে ডুৰাগেৰ গাঁৱত সেনা আৰু মেঘালয় আৰক্ষীৰ যৌথ দলৰ সৈতে হোৱা সংঘৰ্ষৰ সময়ত গুলীয়াই নিহত কৰা হয়।

‘’তেওঁ (মেট্চলেঙ) চোহন ডি ছিৰাৰ পিছতেই সংগঠনৰ দায়িত্ব বহন কৰা সেনাধ্যক্ষগৰাকীৰ অতি ঘনিষ্ঠ আছিল। তেওঁৰ মৃত্যুৱে জিএনএলএৰ বাবে ব্যাপক ক্ষতি কৰিব আৰু সংগঠনটোৰ বাবে চৰম আঘাত হিচাপে বিবেচিত হৈছে,’’-মেঘালয়ৰ ডিজিপি এছ বি সিংঙৰ উদ্ধৃতিৰে ছিলং টাইমছে এই বাতৰি পৰিৱেশন কৰিছে।

নেংমালডালগ্ৰে গাঁৱৰ বাসিন্দা চোহন ছিৰাৰ ঘনিষ্ঠ উপ সেনাধ্যক্ষগৰাকীয়ে কেইদিনমানৰ পৰা বাৱে ডুৰাগেৰে অঞ্চলত অভিযানত ব্যস্ত আছিল। সশস্ত্ৰ বিদ্ৰোহীজন বনাঞ্চলৰ এটা শিৱিৰত থকা সময়তে আৰক্ষীৰ সৈতে সংঘৰ্ষ সংঘটিত হয় আৰু মৃত্যুক সাৱটি ল’বলগীয়া হয়।

কেইবা মিনিটো ধৰি চলা সংঘৰ্ষৰ ফলত আন কেইবাজনো বিদ্ৰোহী সদস্য গুলীৰ আঘাতত আহত হয় যদিও আত্মগোপন কৰি থকা বুলি সন্দেহ কৰা হৈছে আৰু অভিযান অব্যাহত আছে।

‘’ প্ৰায় ২০ মিনিট ধৰি সংঘৰ্ষ চলিছিল আৰু গুলীৰ আঘাত লগা বিদ্ৰোহী কেইজন পলাই সাৰিবলৈ সক্ষম হয়। আমি তেওঁলোকৰ সন্ধান অব্যাহত ৰাখিছো,’’-পূব গাৰো পাহাৰৰ আৰক্ষী অধীক্ষক আৰ টি জি মমিনে কয়।

এটা গুলীৰে সৈতে এ কে -৫৬ ৰাইফল আৰু চীনত নিৰ্মিত গ্ৰেনেড, তিনি কেজি পৰিমানৰ জিলেটিন ষ্টিকৰ লগতে কিছু বিস্ফোৰক সামগ্ৰী নিহত উগ্ৰপন্থীজনৰ কাষত পোৱা গৈছে।

সংগঠনটোৰ বৃহৎ সংখ্যক শীৰ্ষ সদস্যই আত্মসমৰ্পন কৰাৰ পিছতে জিএনএলএ ৰ মুৰব্বী চোহন ডি ছিৰাই মেট্চলেঙক উপ মুখ্য সেনাধ্যক্ষ হিচাপে নিযুক্তি দিছিল।

আৰক্ষী সূত্ৰসমূহে কয় যে তেওঁ গাৰো পাহাৰত অপহৰণ, ধন দাবীকে ধৰি বিভিন্ন কূটাঘাতমূলক কাৰ্যত জড়িত আছিল।