পূব-নাগালেণ্ডৰ পৰা সুকীয়া ৰাজ্যৰ দাবী অধিক জোৰদাৰ হ’ব

পূব-নাগালেণ্ডৰ নাগাসকলৰ সংগঠন ইষ্টাৰ্ন নাগালেণ্ড পীপলছ অৰ্গেনাইজেইশ্যন (ই এন পি অ’) পুনৰ তেওঁলোকৰ সুকীয়া ৰাজ্যৰ দাবীক সজোৰে উত্থাপন কৰিবলৈ আগ বাঢ়ি আহিছে। নিৰ্বাচন অভিমুখী ৰাজ্যখনত ৰাজনৈতিক বতাহ বলি থকাৰ মাজতে যোৱা ২১ ডিচেম্বৰত টুৱেনচাঙত ই এন পি অ’ৰ ইয়াৰ সন্মিলিত গোটবোৰৰ সৈতে বহা সভাত কেন্দ্ৰীয় চৰকাৰক তেওঁলোকক সুকীয়া ৰাজ্য আগন্তুক নাগালেণ্ড বিধানসভা নিৰ্বাচনৰ পূৰ্বেই মঞ্জুৰ কৰিবলৈ দাবী জনাবলৈ সৰ্বসন্মতভাৱে এক প্ৰস্তাৱ লোৱা হয়। এই সভাখন অনুষ্ঠিত হয় ই এন পি অ’ৰ অন্তৰ্ভুক্ত দুটা গোট ক্ৰমে কন্যাক য়ুনিয়ন আৰু ফ’ম পীপলছ কাউন্সিলে ‘ফ্ৰণ্টিয়াৰ নাগালেণ্ড’ নামৰ এই সুকীয়া ৰাজ্যৰ দাবীক বিশেষ স্তৰলৈ নিয়াৰ স্বাৰ্থত আগন্তুক নিৰ্বাচন বৰ্জন কৰা সন্দৰ্ভত সিদ্ধান্ত ল’বলৈ জনোৱা আহ্বানক্ৰমে। সভাখনত প্ৰস্তাৱ লোৱা হয় যে এই দাবীৰ সাংবিধানিক সীমাৰ ভিতৰত আৰু গণতান্ত্ৰিক তথা প্ৰতীক প্ৰকাশত কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব নিদিলে ক্ৰমাগত ধৰ্ণা-আন্দোলনৰ কাৰ্য্যসূচী লোৱা হ’ব। ই এন পি অ’ৰ প্ৰস্তাৱত আৰু কোৱা হয় যে নাগা সমস্যাটোৰ আগতীয়া তথা সন্মানজনক সমাধানত সংগঠনটোৰ সমৰ্থন আছে। এইটো সকলো নাগাৰ বাবে গ্ৰহণযোগ্য তথা হিতকৰ বুলিও কোৱা হৈছে। আনহাতে ই এন পি অ’ৰ ছটা জনজাতীয় সংগঠনেও আজিৰ প্ৰস্তাৱকেইটা সন্দৰ্ভত সংগঠনটোক সহযোগিতা আগ বঢ়াবলৈ সিদ্ধান্ত লৈছে। উল্লেখযোগ্য যে উক্ত ছটা জনজাতিয়ে ইতিপূৰ্বে তেওঁলোকলৈ আগ বঢ়োৱা স্বায়ত্তশাসনৰ সুবিধা নাকচ কৰিছে।