পূৰ্বৰ তুলনাত ৰাজ্যত অপৰাধজনিত ঘটনা হ্ৰাস পাইছে সোণোৱাল চৰকাৰৰ দিনত

অপৰাধজনিত

পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ মুখ্য মন্ত্ৰী তৰুণ গগৈৰ শাসনৰ দিনতকৈ বৰ্তমানৰ বিজেপিৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ শাসনৰ সময়ছোৱাত তুলনামূলকভাৱে ৰাজ্যখনত অপৰাধজনিত কাৰ্যকলাপ হ্ৰাস পাইছে।

অসম চৰকাৰ আৰু নেশ্যনেল ক্ৰাইম ৰেকৰ্ডচ ব্যৰোৰ তথ্যৰ আধাৰত সৰ্বানন্দ সোণোৱাল ক্ষমতালৈ অহাৰ পিছৰে পৰা শেহতীয়াকৈ দুটা বছৰত অাইন শৃংখলাজনিত কাৰ্য-কলাপ কিছু পৰিমাণে হ্ৰাস পাইছে।

অলপতে বিধানসভাত উল্লেখ কৰা তথ্য মতে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দিনত ২০১৮ চনৰ ৩ ফেব্ৰুৱাৰিলৈকে  ৰাজ্যখনত মহানগৰীক বাদ দি ২২,৯৫২ টা চুৰিৰ গোচৰ, ২৬৪ টা ডকাইটিৰ গোচৰ, ১৯৬১ টা হত্যাৰ গোচৰ, ১০,৮৫২ টা অপহৰণৰ গোচৰ, ১৭৮৫ টা লুণ্ঠনৰ গোচৰ, ৩,৬২৮ টা আত্মহত্যাৰ গোচৰ আৰু ১১ টা ডাইনী হত্যাৰ গোচৰ ৰুজু হৈছে।

আনহাতে মহানগৰীত ৫৯২৩ টা চুৰিৰ গোচৰ, ১২ টা ডকাইটিৰ গোচৰ, ১৩০ টা হত্যাৰ গোচৰ, ১১৪৭ টা অপহৰণৰ গোচৰ, ৫৩৯ টা লুণ্ঠনৰ গোচৰ, ৩০ টা আত্মহত্যাৰ গোচৰ আৰু ১ টা ডাইনী হত্যাৰ গোচৰ উক্ত সমছোৱাত ৰুজু হোৱা বুলি তথ্যত উল্লেখ আছে।

এন চি আৰ বিৰ তথ্যত উল্লেখ কৰা মতে ২০১৪ আৰু ২০১৫ চনৰ তৰুণ গগৈৰ দিনৰ কংগ্ৰেছ চৰকাৰৰ শাসনৰ দিনত বৰ্তমানৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ শাসনতকৈ অপহৰণৰ ঘটনাক বাদ দি বাকী অপৰাধজনিত কাৰ্যকলাপৰ সংখ্যা বহু পৰিমাণে বেছি আছিল।

কংগ্ৰেছ চৰকাৰৰ দিনত শেহতীয়া দুটা বছৰত ২,৭৯৪ টা হত্যাৰ গোচৰ, ৪৫৮ টা ডকাইটিৰ গোচৰ, ১৯৬৬ টা লুণ্ঠনৰ গোচৰ আৰু ২৫,১৩৬ টা চুৰিৰ গোচৰ ৰুজু হৈছিল যিটো বৰ্তমানৰ তুলনাত বহু পৰিমাণে বেছি বুলি তথ্যত প্ৰকাশ পাইছে।

ইয়াৰ বিপৰীতে কিন্তু তৰুণ গগৈৰ দিনত কংগ্ৰেছ চৰকাৰৰ শাসনৰ সময়ত শেহতীয়া দুটা বছৰত অপহৰণৰ ঘটনা সংঘটিত হৈছিল ১০,৬৫৪ টা যিটো সৰ্বানন্দৰ শাসনৰ সময়ত হোৱা ১০,৮৫২ টা অপহৰণৰ ঘটনাতকৈ বহু পৰিমাণে কয়।

পূৰ্বতে তৰুণ গগৈৰ চৰকাৰৰ দিনত অপৰাধজনিত কাৰ্যকলাপৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছিল। এক সূত্ৰৰ পৰা জানিব পৰা মতে বন মন্ত্ৰী ৰকিবুল হুছেইনে ২০১৪ চনত বিধানসভাত উল্লেখ কৰা অনুসৰি ২০১১ চনৰ পৰা ২০১৪ চনৰ ভিতৰত ৩৫,৫৬৫ টা চুৰিৰ গোচৰ, ১৫,৬৮৯ টা অপহৰণৰ গোচৰ আৰু ১৫,৪৯৩ টা হত্যাৰ গোচৰ ৰুজু হৈছিল।