পৃথক কমতাপুৰ আৰু জনজাতিকৰণৰ দাবীত কোকৰাঝাৰত আক্ৰাছুৰ অৱস্থান ধৰ্মঘট

AKRASU protest

পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু জনজাতি কৰণৰ দাবীত আজি কোকৰাঝাৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা (আক্ৰাছু) য়ে এক ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।

দিনৰ ১১ বজাৰ পৰা আৰম্ভ হোৱা এই অৱস্থা্ন ধৰ্মঘট কাৰ্যসূচীত কোকৰাঝাৰ জিলাৰ শতাধিক আক্ৰাছু কৰ্মীয়ে কোচ ৰাজবংশীসকলৰ সমস্যা সমাধাণৰ দাবীত বিভিন্ন প্লে’কাৰ্ড, বেনাৰ আৰু শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে।

আক্ৰাছুৰ সভাপতি অৰুণ ৰয়ে সাংবাদিকৰ আগত কয় যে তেওঁলোকে কেইবা দশকজুৰি পৃখক কমতাপুৰ ৰাজ্য আৰু জনজাতি কৰণৰ দাবী জনাই আহিছে যদিও চৰকাৰে তেওঁলোকৰ দাবীৰ প্ৰতি কোনোধৰণৰ সঁহাৰি জনোৱা নায়।

আনহাতে বিজেপি দলক মিছলীয়া ৰাজনৈতিক দল বুলি উল্লেখ কৰি তেওঁ কয় যে বিজেপিয়ে কেৱল গাদী দখলৰ স্বাৰ্থত কোচ ৰাজবংশীসকলক মিছা আশ্বাস দি আহিছে।

তেওঁ আৰু কয় যে যোৱা বিধানসভা নিৰ্বাচনৰ সময়ত বিজেপিয়ে ক্ষমতালৈ আহিলে ৬ মাহৰ ভিতৰত কোচ ৰাজবংশীসকলৰ জনজাতি কৰণ কৰিব বুলি নিশ্চয়তা প্ৰদান কৰি সম্প্ৰদায়টোৰ পৰা লাভ কৰিছিল, কিন্তু এতিয়া তেওঁলোকে নিজৰ প্ৰতিশ্ৰুতি পাহৰি পেলালে।

সেয়ে অহা লোকসভা নিৰ্বাচনৰ পূৰ্বেই বিজেপি চৰকাৰে কোচ ৰাজবংশীসকলক জনজাতি মৰ্যাদা দিব লাগিব বুলি উল্লেখ কৰি তেওঁ কয় যে ইয়াৰ অন্যাথা তেওঁলোকে বিজেপিক কোচ ৰাজবংশীসকলৰ গাঁওসমূহত প্ৰৱেশ কৰিবলৈ নিদিয়াৰ লগতে বিজেপি দলক বৰ্জন কৰিব।