পৃথক কমতাপুৰ গঠন আৰু কোচ-ৰাজবংশীক জনজাতিকৰণৰ দাবীত কোকৰাঝাৰত ৰে’ল অৱৰোধ

আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে যদি কোচ-ৰাজবংশীসকলৰ সমস্যা সমাধান নকৰে তেন্তে বিজেপি হাতাও অভিযান আৰম্ভ কৰিব বুলি ঘোষণা কৰি আজি পৃথক কমতাপুৰ ৰাজ্য গঠন আৰু কোচ-ৰাজবংশীক অনুসূচীত জনজাতিকৰণৰ দাবীত সদৌ কোচ-ৰাজবংশী ছাত্ৰ সন্থা, সদৌ কোচ-ৰাজবংশী মহিলা সমিতি আৰু চিলাৰায় সেনাই কোকৰাঝাৰ ৰে’ল ষ্টেচনত ৰে’ল অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিছে।

পুৱা ৫ বজাৰ পৰা আবেলি ৫ বজালৈকে চলিবলগীয়া এই ৰে’ল অৱৰোধ কাৰ্যসূচী অনিচ্ছা সত্ত্বেও হাতত ল’ব লগীয়া হৈছে বুলি জনাই কোচ-ৰাজবংশী ছাত্ৰ সন্থাৰ নেতা গকুল বৰ্মনে নৰ্থ ইষ্ট নাও ক কয়, ‘বিগত লোকসভা নিৰ্বাচনৰ সময়ত ৬ মাহৰ ভিতৰত জনজাতিকৰণৰ সমস্যা সমাধান কৰিব বুলি কোৱা কেন্দ্ৰীয় চৰকাৰে আজি ৪ বছৰ উকলি যোৱাৰ পিছতো কোচ-ৰাজবংশীসকলৰ জনজাতিকৰণৰ বিষয়টোত কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই।’

উল্লেখযোগ্য যে ১৯৯৬ চনত জনজাতিৰ মৰ্যাদা লাভ কৰাৰ পিছতো পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দৰে বৰ্তমানৰ বিজেপি চৰকাৰেও বাৰম্বাৰ বিভিন্ন ‘ভেকোভাওঁনাৰে’ তেওঁলোকক প্ৰতাৰনা কৰি আহিছে বুলি আক্ৰাছুৰ নেতাজনে মন্তব্য কৰে।

সেয়েহে অহা পঞ্চায়ত নিৰ্বাচনৰ সময়ত বিজেপিয়ে পুনৰ প্ৰতাৰনাৰ উদ্দেশ্যে কোচ-ৰাজবংশীসকলৰ দাবীসমূহক নিৰ্বাচনী ইচ্যু হিচাপে যাতে ব্যৱহাৰ কৰিব নোৱাৰে তাৰ বাবে ৰাইজক সজাগ কৰাৰ কাৰণে নিৰ্বাচনৰ আগমুহূৰ্তত আক্ৰাছুৰ কাৰ্যনিৰ্বাহক সভাত সিদ্ধান্ত গ্ৰহণ কৰিব বুলি তেওঁ জানিব দিয়ে।

সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰা আজিৰ এই ৰে’ল অৱৰোধ কাৰ্যসূচীত প্ৰতিবাদকাৰী সকলে হাতে হাতে প্লে’কাৰ্ড, বেনাৰ লৈ ‘ন’ এছ টি ন’ ৰেষ্ট’, ‘কমতাপুৰ আমাক লাগিবই’, ‘সৰ্বানন্দ সোণোৱাল মিছলীয়া’, নৰেন্দ্ৰ মোদী মিছলীয়া’ আদি বিভিন্ন শ্লোগানেৰে প্ৰতিবাদস্থলি মুখৰিত কৰি তোলে।