পৃথক কমতাপুৰ ৰাজ্য গঠনৰ দাবীৰে আন্দোলন ঘোষণা আক্ৰাছুৰ

akrasu

প্ৰতিনিধিত্বমূলক চিত্ৰ

পৃথক কমতাপুৰ ৰাজ্য গঠন আৰু কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰাৰ ক্ষেত্ৰত ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰে চৰম প্ৰতাৰণাৰ আশ্ৰয় লোৱাৰ প্ৰতিবাদত সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছুৱে ঘোষণা কৰিছে এলানি আন্দোলনৰ কাৰ্যসূচী।

সংগঠনটোৰ বঙাইগাঁও বৰপাৰাস্থিত মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হৈ যোৱা কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সভাত এই আন্দোলন কাৰ্যসূচীৰ বিষয়ে ঘোষণা কৰা হয়।

উল্লেখ্য যে আক্ৰাছুৰ ভাতৃ-ভগ্নী সংগঠন ক্ৰমে সদৌ চিলাৰায় সেনা আৰু কোচ ৰাজবংশী মহিলা সমিতিৰ সৈতে যৌথভাৱে এই কাৰ্যনিৰ্বাহক সভাখন অনুষ্ঠিত হৈছিল।

সভাত ঘোষণা কৰা আন্দোলন কাৰ্যসূচী মতে অহা ২৪ মে’ত পুৱা ৫ বজাৰ পৰা ২৪ ঘণ্টীয়া অসম তথা ‘কমতাপুৰ বন্ধ’, ৪ জুনত প্ৰতিখন জিলাত ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘট, ১২ জুনত চকা বন্ধ আৰু ২৬ জনত ১২ ঘণ্টীয়া ৰেলপথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।

ইয়াৰ উপৰি সংগঠনটোৰ মুখ্য কাৰ্যালয়ত এখন সংবাদ মেলো অনুষ্ঠিত হয়। সংবাদমেলখনত সংগঠনটোৰ সভাপতি  অৰুণ কুমাৰ ৰয় আৰু সাধাৰণ সম্পাদক গোকুল বৰ্মনে কয়, ‘কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী লৈ আক্ৰাছুৱে যেতিয়াই আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰে তেতিয়াই ৰাজ্য চৰকাৰে চক্ৰান্তমূলকভাৱে বিভিন্ন প্ৰতিশ্ৰুতি প্ৰদান কৰি আমাৰ আন্দোলন দমন কৰি আহিছে’।

সংগঠনটোৰ দুই শীৰ্ষ নেতাই লগতে কয়, ‘প্ৰায় এবছৰ পূৰ্বেও আমাৰ আন্দোলন স্থগিত ৰখাৰ বাবে চৰকাৰে বিভিন্ন প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। কিন্তু প্ৰতিশ্ৰুতি প্ৰতিশ্ৰুতি হৈয়ে থাকিল।এতিয়া কোচ ৰাজবংশী জনগোষ্ঠীয়ে চৰকাৰৰ চক্ৰান্ত বুজি উঠিছে। গতিকে প্ৰধান মন্ত্ৰী, গৃহ মন্ত্ৰী আৰু মুখ্য মন্ত্ৰী পৰ্যায়ৰ ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত নকৰিলে আগন্তুক সময়ত জংগী আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ’ব আক্ৰাছু’।