পৃথিৱীৰ য’তে নাথাকক আপোন সংস্কৃতিৰ টান থাকিবই : লণ্ডনৰ প্ৰৱাসী অসমীয়াৰ সমাজৰ বিহু উদযাপন

RongaliBihu

পৃথিৱীৰ য’তে নাথাকক আপোন সংস্কৃতিৰ টান থাকিবই, শ্ৰদ্ধা থাকিবই। থাকিব দায়িত্বও। কৰ্ম, পেচা, পৰিস্থিতিৰ বাবে নিজৰ ঠাই, সংস্কৃতি, আপোন মানুহৰ পৰা বিচ্ছিন্ন হৈ থাকিব লগীয়া হ’লেও নিজৰ ভাষা-সংস্কৃতিৰ টান উপেক্ষণীয় নিশ্চয় নহয়। অসমৰ বাপতি সাহোন ৰঙালী বিহুটোৰ কথা সাত সাগৰ তেৰ নদীৰ সিপাৰে থাকিও লণ্ডনৰ প্ৰৱাসী অসমীয়াৰ সমাজে সেয়ে পাহৰি যোৱা নাই।

আজি সমগ্ৰ অসমত উদযাপিত ৰঙালী বিহু লণ্ডনস্থিত অসমীয়াসকলেও উদযাপন কৰা দেখা গ’ল। আজি চ’তৰ সংক্ৰান্তিৰ দিনা লণ্ডনত থকা অসমীয়া সকলে একলগ হৈ নাচি-বাগি, হুঁচৰি গাই বিহু উদযাপন কৰে।

মন কৰিব লগীয়া কথাটো হ’ল- গুৱাহাটী, শিৱসাগৰ বা অসমৰ যিকোনো ঠাইতে থকাৰ দৰে লণ্ডনতো প্ৰৱাসী অসমীয়া সকলে লণ্ডন বিহু কমিটী নামেৰে এখন কমিটী গঠন কৰি লৈছে। এই  লণ্ডন বিহু কমিটীৰ উদ্যোগতে বিশ্বৰ উন্নত আৰু বিলাসী মহানগৰখনলৈ বিভিন্ন কাৰণত প্ৰব্ৰজন কৰা অসমীয়াসকল মিলিত হৈ বিহু উদযাপন কৰে। তেওঁলোকে অসমত আন সকলে কৰাৰ দৰেই হুঁচৰি গায়, বিহু নাচে।

এই উপলক্ষে তেওঁলোকে londonbihu.com নামৰ এটা ৱেবছাইটো নিৰ্মাণ কৰি লৈছে। লণ্ডন বিহু কমিটীৰ সভাপতি ড০ এ চি বৰুৱাই কয়, ”লণ্ডন বিহু কমিটীৰ হৈ মই আপোনাক, আপোনাৰ বন্ধুবৰ্গ, পৰিয়ালক এই বছৰৰ ৰঙালী বিহু উদযাপন কাৰ্যসূচীত ভাগ ল’বলৈ অনুৰোধ জনালো।”

এই কাৰ্য্যসূচীত প্ৰৱাসী অসমীয়া সকলে জেং বিহুৰ লগতে হুঁচৰিও পৰিৱেশন কৰে।

 

উল্লেখযোগ্য যে আজি অসমীয়াৰ বৃহত্তম উৎসৱ ৰঙালী বিহু আৰম্ভ হৈছে। অসমত এই দিনটোক গৰু বিহু হিচাপে উদযাপন কৰা হয়, য’ত পুৱাই গৰুক গা ধুওৱা হয়। ৰঙালী বিহু সাত দিন ধৰি চলে।