NORTHEAST NOW (Assamese)

ৰাষ্ট্ৰীয় যুৱ মৰ্চাৰ ১২ ঘণ্টীয়া ভাৰত বন্ধ : আদাবাৰীত বাছৰ চলাচল বন্ধ কৰিলে বন্ধৰ সমৰ্থকে

May 30, 2018 12:33 pm · এন ই নাও নিউজ
আজি আদাবাৰীত ভাৰত বন্ধৰ সমৰ্থকে বাছৰ চলাচল বন্ধ কৰি দিয়ে।

পে’ট্’ল–ডিজেলৰ অস্বাভাৱিক মূল্যবৃদ্ধিৰ প্ৰতিবাদস্বৰূপে আজি ৰাষ্ট্ৰীয় যুৱ মৰ্চাই ১২ ঘণ্টীয়া ভাৰত বন্ধ দিয়াৰ ফলত গুৱাহাটী মহানগৰীতো ইয়াৰ পাতলীয়া প্ৰভাৱ দেখা গৈছে।

জানিব পৰা মতে ২০১৬ চনত সামাজিক অন্যায়ৰ বিৰুদ্ধে যুঁজ দিয়াৰ লক্ষ্যৰ লগতে দলিত আদি সমাজৰ পিছপৰা শ্ৰেণীৰ উন্নতিৰ হকে কাম কৰাৰ বাবে গঠিত সংগঠনটোৱে পে’ট্ৰল-ডিজেলৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত সমগ্ৰ ভাৰত বন্ধৰ আহ্বান জনাইছে। এই বন্ধ পুৱা ৬ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ আহ্বান কৰা হৈছে।

বন্ধৰ সমৰ্থক ৰাজপথৰ ওপৰত বহি থকা দেখা গৈছে। মহানগৰীৰ আদাবাৰীত।

ইয়াৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী মহানগৰীতো বন্ধৰ মিশ্ৰিত প্ৰভাৱ পৰিলক্ষিত হৈছে। ভাৰত বন্ধৰ কাৰ্যসূচীক মহানগৰৰ চিটি বাছ চালক আৰু মালিক সন্থাই সমৰ্থন কৰা বুলি জানিব পৰা গৈছে। ফলত পথত গাড়ী-মটৰৰ চলাচল তেনেই সেৰেঙা হৈ পৰিছে।

আনহাতে মহানগৰীৰ আদাবাৰীত ভাৰত বন্ধৰ সমৰ্থকে যাত্ৰীবাহী বাছ আবদ্ধ কৰি অপ্ৰীতিকৰ পৰিস্থিতিৰ  সৃষ্টি কৰাৰ খবৰ পোৱা গৈছে। বন্ধৰ সমৰ্থকসকলে বাছবোৰৰ চলাচল বন্ধ কৰিবলৈ চেষ্টা কৰাৰ লগতে ড্ৰাইভাৰকো বেয়া ব্যৱহাৰ কৰাৰ খবৰ পোৱা গৈছে। বন্ধৰ সমৰ্থকসকলে ৰাজপথ বহি গাড়ী-মটৰৰ চলাচলত বাধা দিয়া বুলি জানিব পৰা গৈছে।

Related News