পৌৰ নিগমৰ সিদ্ধান্তৰ বিৰুদ্ধে বিশ্বনাথত ই-ৰিক্সা চালকৰ প্ৰতিবাদ

বিশ্বনাথ নগৰৰ অন্য এক পৰিচয় ই-ৰিক্সাসমূহ। উত্তৰ অসমৰ সৰ্বাধিক পৰিমাণৰ ই-ৰিক্সা আছে বিশ্বনাথত। কিন্তু আজি প্ৰতিবাদত বহিব লগা হ’ল বিশ্বনাথ ই-ৰিক্সা চালক সন্থা।

উল্লেখযোগ্য যে যোৱা ৮ মে’ত বিশ্বনাথ প্ৰশাসন আৰু ই-ৰিক্সা চালক সকলৰ সৈতে হোৱা এক সভাত বিশ্বনাথ জিলা প্ৰশাসনে বিশ্বনাথৰ নগৰ অঞ্চলত ই-ৰিক্সা কোনো কাৰণতে  চলাচল কৰিবলৈ দিয়া নহ’ব বুলি  নিৰ্দেশ দিছিল।

বিশ্বনাথ প্ৰশাসনৰ এই নিৰ্দেশনাক বিৰোধিতা কৰি ই-ৰিক্সা চালকসকলে নিজ নিজ ই-ৰিক্সা সমূহ কমলাকান্ত ক্ষেত্ৰৰ বাকৰিত থৈ বিশ্বনাথ জিলা প্ৰশাসনৰ বিৰুদ্ধে প্ৰতিবাদ কৰে।

আনহাতে বিশ্বনাথ নগৰত দিনক দিনে বৃদ্ধি পাবলৈ ধৰা ই-ৰিক্সাৰ সংখ্যাই পৌৰ নিগমক বিবুধিত পেলাইছে। বিশ্বনাথ পৌৰ সভাই প্ৰথমে বিশ্বনাথ নগৰত চাৰিশ (৪০০) ই-ৰিক্সা চলাচলৰ অনুমতি দিছিল যদিও প্ৰতি দিনে বিশ্বনাথ নগৰত দ্ৰুত গতিত ই-ৰিক্সা বৃদ্ধি পোৱাৰ কাৰণো পৌৰসভাক জগৰিয়া কৰিছে ই-ৰিক্সা চালক সন্থাই।

বিশ্বনাথ জিলা প্ৰশাসনে বিশ্বনাথবাসী ৰাইজৰ অসুবিধা নোহোৱাকৈ ই -ৰিক্সা চালক সকলোকো পেটে ভাতে মৰিব নিদি কি সমাধান সূত্ৰ বাহিৰ কৰে সেইটোহে এতিয়া লক্ষনীয় হ’ব।