পৌৰ প্ৰশাসনৰ নগাঁৱৰ পদপথৰ অবৈধ ব্যৱসায়িক প্ৰতিষ্ঠানত উচ্ছেদ অভিযান

আজি নগাঁও পৌৰসভাই বিভাগীয় অভিযন্তা, বিষয়া-কৰ্মচাৰী, বহু কেইগৰাকী পৌৰপতি সহিতে এটা সঁজাতি দলে নগাঁও চহৰৰ পদপথ সমূহত উচ্ছেদ অভিযান চলায়।

উল্লেখযোগ্য যে চহৰখনৰ শ্বহীদ ভৱনৰ পৰা আৰম্ভ কৰি প্ৰধান ডাকঘৰৰ সন্মুখ, গড়কাপ্তানি কাৰ্যালয় সন্মুখ, কোষাগাৰ সন্মুখ, ষ্টেট বেংকৰ সন্মুখ ভাগকে আদি কৰি বিভিন্ন কাৰ্যালয়ৰ সন্মুখৰ পদপথত অস্থায়ীভাৱে একাংশ ব্যৱসায়ীয়ে বহু দিন ধৰি ব্যৱসায় চলাই আহিছিল।

আৰু ইয়াৰ ফলত পদপথেৰে অহা-যোৱা কৰা পথচাৰীসমূহে যাতায়াতৰ ক্ষেত্ৰত ব্যাপক অসুবিধাৰ সন্মুখীন হ’ব লগা হৈছিল।

ইফালে এই ঘটনা সন্দৰ্ভত পূৰ্বে কেইবাবাৰো নগাঁৱৰ একাংশ সচেতন লোকে পৌৰসভাক অৱগত কৰি আহিছিল যদিও পৌৰসভাৰ দায়িত্ব প্ৰাপ্ত অভিযন্তা, বিষয়া-কৰ্মচাৰী সকলে কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাছিল।

কিন্তু অৱশেষত আজি বিভিন্ন সচেতন লোকৰ অভিযোগৰ ওপৰত ভিত্তি কৰি পৌৰ সভাৰ উপ-পৌৰপতিৰ নেতৃত্বত যোৱা এটা দলে আৰক্ষীৰ সহযোগত অস্থায়ী ব্যৱসায়িক প্ৰতিস্থানসমূহ পদপথৰ পৰা আঁ‌তৰাই নিয়াৰ বাবে এক পদক্ষেপ গ্ৰহণ কৰে।

আনহাতে নগাঁও পৌৰসভাৰ এই কাৰ্যক নগাঁৱৰ সচেতন মহলে আদৰণি জনাইছে।