NORTHEAST NOW (Assamese)

বুধবাৰৰ প্ৰচণ্ড ধুমুহাত ওদালগুৰি চহৰৰ চাৰিজন লোক আহত

April 26, 2018 11:24 am · চাজিদ খান

বুধবাৰে দুপৰীয়া অসমৰ বিভিন্ন প্ৰান্তত হোৱা এজাক প্ৰচণ্ড ধুমুহাৰ ফলত ৰাজ্যৰ বিভিন্ন ঠাইত কেইবাটাও বিক্ষিপ্ত ঘটনা সংঘটিত হোৱাৰ বাতৰি আমালৈ আহিছে।

প্ৰাপ্ত তথ্য মতে ধুমুহাৰ ফলত ওদালগুৰি জিলাৰ বিভিন্ন অঞ্চলৰ লগতে ওদালগুৰি চহৰখনৰো ব্যাপক ক্ষতিসাধন হয়। এই ধুমুহাত গছ গছনি ভাঙি পৰাত বহুতো যান বাহন ক্ষতিগ্ৰস্ত হোৱাৰ লগতে ঘৰ-দুৱাৰৰ যথেষ্ট অনিষ্ট কৰাৰ লগতে বাট-পথ বন্ধ হৈ পৰে। ফলত কিছু সময়ৰ বাবে চহৰখনত সাধাৰণ জন জীৱন ব্যাহত হৈ পৰে।

উল্লেখ্য যে কালি আবেলি অহা এই ধুমুহাজাকত চহৰখনৰ মাজ মজিয়াতে এখন ৰখাই থোৱা ই ৰিক্সাৰ ওপৰত এডাল প্ৰকাণ্ড গছ বাগৰি পৰে। ইয়াৰ ফলত ই ৰিক্সাখনত থকা চাৰি গৰাকী যাত্ৰী বেয়াকৈ আঘাতগ্ৰস্ত হয়। আহত লোককেইজনক চিকিৎসা প্ৰদানৰ বাবে ততাতৈয়াকৈ ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। আৰু বৰ্তমান আহত লোককেইজন বিপদ মুক্ত বুলি চিকিৎসকে জানিবলৈ দিয়ে।

ইফালে এই ধুমুহা জাকৰ ফলত চহৰখনৰ বিস্তৃত অঞ্চলৰ বিদ্যুৎ পৰিবাহী খুটা বাগৰি পৰে যাৰ ফলত সমগ্ৰ চহৰাঞ্চল নিশা আন্ধাৰৰ কবলত কটাবলগীয়া হয়।

Related News