প্ৰতিমূৰ্তি নহয়, নীলোৎপল-অভিজিতৰ নামত বিদ্যালয় পাতিবলৈ আহ্বান অভিনেতা ৰাজীৱ ক্ৰ’ৰ

কাৰ্বি আংলঙৰ পানজুৰি গাঁৱত প্ৰতিমূৰ্তিৰ সলনি নীলোৎপল-অভিজিতৰ নামত দুখন বিদ্যালয় স্থাপনৰ বাবে চৰকাৰক আহ্বান জনাইছে অভিনেতা ৰাজীৱ ক্ৰ’ই।

‘যিহেতু সেই অঞ্চলটো বৰ্তমানো অন্ধবিশ্বাসৰ গ্ৰাসত পৰি আছে, তেন্তে তেওঁলোক দুজনৰ নামত চৰকাৰে এখন বিদ্যালয় স্থাপন কৰিব নোৱাৰে নেকি? মূৰ্তি আজি আছে, কালি নাই; কিন্তু বিদ্যালয় এখন স্থাপন কৰিলে স্মৰণীয় হৈ ৰ’ব,‘ ক’লে ক্ৰ’ই।

দিচপুৰ প্ৰে’ছ ক্লাবত গুৱাহাটী সচেতন সমাজৰ উদ্যোগত ১৫ জুনত অনুষ্ঠিত শান্তি-সম্প্ৰীতি সভাত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি অভিনেতা ৰাজীৱ ক্ৰ’ই চৰকাৰক এই আহ্বান জনায়।

ক্ৰ’ই লগতে প্ৰশ্ন কৰে ‘ঘটনাস্থলীত মূৰ্তি বনোৱাৰ পিছত যদি কোনো দুষ্কৃতিকাৰীয়ে মূৰ্তিটো ভাঙি থৈ আহে, তেন্তে কাৰ্বি আৰু অনা কাৰ্বিৰ মাজত পুনৰ সংঘাতৰ সৃষ্টি নহ’বনে?’

নীলোৎপল-অভিজিতে মৃত্যুক সাবটি লোৱা  ৮ জুন দিনটো ‘অন্ধবিশ্বাস বিৰোধী দিৱস’ হিচাপে পালন কৰিবৰ বাবেও চৰকাৰৰ প্ৰতি তেওঁ আহ্বান জনায়।

‘মোৰ জিলাতে নৃশংস ঘটনাটো ঘটাৰ বাবে মই লজ্জিত’ বুলি প্ৰকাশ কৰি তেওঁ কয় যে দুই এজন অপৰাধীৰ বাবে সমগ্ৰ কাৰ্বি জাতিটো বেয়া হ’ব নোৱাৰে।

তেওঁ লগতে কয় ‘যিসকলে ছ’চিয়েল মিডিয়াৰ জৰিয়তে সমগ্ৰ কাৰ্বি জাতিটোক গালি পাৰি আছে, তেওঁলোক নীলোৎপল-অভিজিতৰ হত্যাকাৰীৰ সমানে দোষী। তেওঁলোকে তেনেধৰণৰ মন্তব্য দি কাৰ্বি জাতিটোক মনৰ পৰা হত্যা কৰি আছে।‘

তেওঁ প্ৰশ্ন কৰে কেৱল অসমীয়া ভাষা কোৱাসকল অসমীয়া নে ভূপেনদাৰ ভাষাৰে নানা জাতি, উপজাতি আটাইবোৰ মিলি অসমীয়া?

‘অসমীয়া-অনা অসমীয়াৰ মাজৰ বিভাজনৰ জলন্ত উদাহৰণ মই নিজে,‘ বুলি সদৰী কৰি তেওঁ কয় ‘ ১৯৮৮ চনত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত মই নামভৰ্তি কৰিছিলো। ৰেগিঙৰ নামত মই অসমীয়া বুলি কোৱাৰ কাৰণে তিনিটাকৈ থাপৰ খাইছিলো মোতকৈ জ্যেষ্ঠ শ্ৰেণীৰ ছাত্ৰৰপৰা। মোৰ নাম সোধাত ৰাজীৱ ক্ৰ’ বুলি কওঁতে মোক পূৰ্ণহতীয়া চৰ সোধাইছিল। দ্বিতীয়, তৃতীয়বাৰো  একে প্ৰশ্ন, একে উত্তৰ আৰু একে চৰ। মই নিজকে সংযত কৰি তেওঁলোকক মোক থাপৰ মৰাৰ কাৰণ সোধাত ক’লে তই ক্ৰ’ উপাধি লিখ, তই কেনেকৈ অসমীয়া হ’বি, তই কাৰ্বি আৰু আমি অসমীয়া।‘

‘তথাপিও নিজকে বুজাই ৩০ বছৰ গুৱাহাটীত আছো আৰু ২৬ বছৰ ধৰি চিনেমাজগতৰ সৈতে জৰিত হৈ আছো,‘ বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে কাৰ্বি ভাষাতকৈ অসমীয়া ভাষাত বেছিকৈ নাটক লিখিছো, বহুকেইখন নাটক পৰিচালনাও কৰিছো, লগতে অসমীয়া চিনেমাত অভিনয়ো কৰিছো।

‘প্ৰথমতে মই এজন অসমীয়া, তাৰ পিছত এজন কাৰ্বি,‘ তেওঁ কয়।

‘প্ৰিয়ংকা চোপ্ৰাক আনি কোটি কোটি টকা খৰচ কৰিব পাৰে চৰকাৰে, কিন্তু কান্থিলাংচুক পৰ্য্যটনস্থলী হিচাপে গঢ় দিব নোৱাৰে নেকি? যদি সেই জলপ্ৰপাতটো পৰ্য্যটনস্থলী হিচাপে গঢ় লৈ উঠে তেন্তে তাত থকা নিবনুৱা যুৱকসকলে দোকান, হোটেল আদি খুলি স্বাৱলম্বী হ’ব পাৰিব। স্বাৱলম্বী হ’লেই তেওঁলোকৰ অপৰাধপ্ৰৱণতা সলনি হ’ব,‘ অভিনেতাজনে মত।

অসমীয়া প্ৰতিদিন কাকতৰ জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্তই সভাপতিত্ব কৰা উক্ত সভাত আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই ডকমকা কাণ্ডক লৈ দুখ প্ৰকাশ কৰাৰ লগতে ৰাজীৱ ক্ৰ’ই দিয়া পৰামৰ্শসমূহৰ প্ৰতি সমৰ্থন আগবঢ়ায়।

চেতিয়াই কয় ‘অপ-প্ৰচাৰ, উৰাবাতৰি বিয়পাৰ পিছতো চৰকাৰ তথা প্ৰশাসনে অৱহেলা কৰাৰ বাবেই এই ঘটনা সংঘটিত হ’ল।‘

সোপাধৰাৰ লগতে অন্য অন্ধবিশ্বাস দূৰ কৰাৰ বাবে চৰকাৰক বিশেষ ব্যৱস্থা ল’বৰ বাবেও চেতিয়াই আহ্বান জনায়।