NORTHEAST NOW (Assamese)

প্ৰতিশ্ৰুতিৰে বিধানসভা দখল কৰা দুবছৰ হ’ল; আহিছে লোকসভাৰ নিৰ্বাচন : ২০ জুলাইত ছয় জনগোষ্ঠীৰ প্ৰতিনিধিৰে পুনৰ ত্ৰিপাক্ষিক বৈঠক

July 18, 2018 11:56 am · এন ই নাও নিউজ
Updated: July 18, 2018 12:04 pm
কেন্দ্রীয় জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী জুৱেল ওৰাম। ফাইল ফটো

বিজেপিয়ে বিগত বিধানসভা নিৰ্বাচনৰ প্ৰাক-মুহূৰ্তত দলটো ক্ষমতালৈ আহিলে ছমাহৰ ভিতৰত ছয় জনগোষ্ঠীৰ জনজাতিকৰণ কৰা হ’ব বুলি দিয়া প্ৰতিশ্ৰুতিৰ আজিও একো নহ’ল। বিজেপিৰ এই প্ৰতৰাণাক লৈ মাজে মাজে ৰাজ্যখনত ক্ষোভৰ উদগিৰণ হৈ আছে। আনহাতে সন্মুখত আহি আছে লোকসভাৰ নিৰ্বাচন।

ফলত ক্ষুব্ধ হৈ থকা ছয় জনগোষ্ঠীৰ সংগ্ৰামী দল-সংগঠনৰ প্ৰতিনিধিসকলক লৈ অহা ২০ জুলাইত নতুন দিল্লীত এখন ত্ৰিপাক্ষিক বৈঠকৰ আয়োজন কৰিছে কেন্দ্ৰীয় চৰকাৰে। ইতিপূৰ্বে জনগোষ্ঠীকেইটাৰ প্ৰতিনিধিসকলক এই বৈঠকৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে।

আনহাতে বৈঠকত উপস্থিত থকাৰ বাবে ইতিমধ্যে ৰাজ্যৰ ছটা জনগোষ্ঠীৰ প্ৰতিনিধিসকল প্ৰস্তুত হৈ উঠিছে বুলি জানিব পৰা গৈছে। প্ৰতিনিধিসকলে জনগোষ্ঠীকেইটাৰ জনজাতিকৰণ বিষয়টোৰ যাতে অহা লোকসভা নিৰ্বাচনৰ পূৰ্বেই মীমাংসা হয় তাৰ বাবে চেষ্টা চলাব বুলি সূত্ৰটোৱে দাবী কৰে।

উল্লেখযোগ্য যে দুবছৰ পূৰ্বে অসম বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ সভাত জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামে কৈছিল যে ৪-৫ মাহৰ ভিতৰতে অসমৰ ছটা জনগোষ্ঠীৰ জনজাতিকৰণ কৰা হ’ব, যদিহে বিজেপি ক্ষমতালৈ আহে।

কিন্তু তাৰ পিছত দুবছৰৰো বেছি সময় পাৰ হৈ যোৱাৰ পিছতো ইয়াৰ বাবে একো কামেই আগ বঢ়া নাই বুলিব পাৰি। তাৰ বিপৰীতে কিছু দিনৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰীজনে দিল্লীৰ এখন সভাত কৈছিল এটা জনগোষ্ঠীক জনজাতিৰ মৰ্য্যাদা দিবৰ বাবে ৪০ বছৰ সময় লাগে। এইটো এটা সংস্থা বা বিভাগৰ কাম নহয়। ইয়াত কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু আন কেইবাটাও সংস্থা জড়িত হৈ থাকে।

মন্ত্ৰীজনৰ এই মন্তব্যৰ পিছতে অসমত তীব্ৰ প্ৰতিবাদ আৰু ক্ষোভৰ উদগিৰণ দেখা গৈছিল। ইয়াৰ পিছতে নিজৰ মন্তব্যৰ ভুল ব্যাখ্যা দিয়া হৈছে বুলি জুৱেল ওৰামে টুইটাৰত প্ৰকাশ কৰাৰ লগতে অসমৰ জনগোষ্ঠীকেইটাৰ জনজাতিকৰণ প্ৰক্ৰিয়া চলি আছে বুলিও কৈছিল।

এই ত্ৰিপাক্ষিক বৈঠকতে ওলাই পৰিব বিজেপিৰ প্ৰতিশ্ৰুতি বাস্তৱিক আৰু আন্তৰিক আছিল নে মিছা নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল।

Related News