NORTHEAST NOW (Assamese)

প্ৰতি বছৰে বৃদ্ধি পাই আহিছে অসম মাধ্যমিক শিক্ষা পৰিষদৰ অধীনত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা

April 11, 2018 6:11 pm · এন ই নাও নিউজ

উত্তৰ পূৰ্বাঞ্চলত এক সংখ্যক বিদ্যালয় যদিওবা কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ (চি বি এছ চি) অধীনলৈ যাবলৈ সাজু হৈছে, অসমত কিন্তু ৰাজ্যিক বোৰ্ডৰ অধীনত উচ্চ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধি পাইছে।

মাধ্যমিক শিক্ষা পৰিষদ, অসমৰ (ছেবা) পৰীক্ষা নিয়ন্ত্ৰক নয়ন জ্যোতি শৰ্মাই সংবাদ প্ৰতিষ্ঠানৰ আগত জানিবলৈ দিয়ে যে পৰিষদৰ অধীনত উচ্চ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা প্ৰতি বছৰে পোন্ধৰ হাজাৰকৈ বৃদ্ধি পাই আহিছে।

চলিত বছৰত ৰাজ্যিক বোৰ্ডৰ অধীনত উচ্চ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বাবে প্ৰায় ৪.০৫ লাথ পৰীক্ষাৰ্থীয়ে পঞ্জীয়ন কৰিছিল আৰু অৱশেষত ইয়াৰে ৩.৫৬ লাখ পৰীক্ষাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হয়। পৰৱৰ্তী বছৰৰ পৰীক্ষাৰ বাবে প্ৰায় ৪.৩৬ লাখ পৰীক্ষাৰ্থীয়ে পঞ্জীয়ন কৰিছে। আনহাতে, ২০২০ চনত অনুষ্ঠিত হ’বলগীয়া চূড়ান্ত পৰীক্ষাৰ বাবে ৪.৪৬ লাখ পৰীক্ষাৰ্থীয়ে পঞ্জীয়ন সম্পূৰ্ণ কৰিছে।

গোটেই অঞ্চলটোতে চিবিএছচিৰ প্ৰতি চাহিদা বৃদ্ধি পোৱা আৰু বিশেষকৈ কেন্দ্ৰীয় বোৰ্ডৰ অধীনৰ বিদ্যালয়ৰ শিপা চাৰিওপিনে সম্প্ৰসাৰিত হোৱাৰ সময়ত ৰাজ্যিক বোৰ্ডৰ অধীনত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধি পোৱাটো তাৎপৰ্যপূৰ্ণ বুলি ছেবাই বিশ্বাস কৰে।

‘’ এই সংখ্যাই দেখুৱায় যে ছেবাই ভাল প্ৰদৰ্শন কৰিছে। চিবিএছচিলৈ বিদ্যালয়ৰ প্ৰব্ৰজনৰ প্ৰসংগটো কাষৰীয়া কৰি থৈও আমি সুখী যে উচ্চ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্ৰতি বছৰে পোন্ধৰ হাজাৰকৈ পৰীক্ষাৰ্থীৰ সংখ্যা বৃদ্ধি পাইছে,’’-পৰীক্ষা নিয়ন্ত্ৰক শৰ্মাই সংবাদ মাধ্যমক এইদৰে কয়।

Related News