প্ৰতীক হাজেলা আৰু মহাপঞ্জীয়কক উচ্চতম ন্যায়ালয়ৰ ধমক : আপোনালোকক জেইললৈ পঠাব পাৰো

Pratik-Hajela-678x381

উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত অসমত চলি থকা এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াৰ ভিতৰুৱা কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰি থকা বাবে আজি শীৰ্ষ আদালতখনে দেশৰ মহাপঞ্জীয়ক আৰু এন আৰ চিৰ ৰাজ্যিক সমন্বয়কক এক প্ৰকাৰৰ ধমক দিয়ে।

উল্লেখযোগ্য যে আজি উচ্চতম ন্যায়ালয়ত এন আৰ চিৰ গোচৰৰ শুনানি আছিল। এই শুনানিৰ কালতে ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ফলি নৰিমানেৰে গঠিত বিচাৰপীঠে এন আৰ চি প্ৰক্ৰিয়াটোৰ ভিতৰুৱা কথা সংবাদ মাধ্যমক জনোৱা দুয়োজনকে ককৰ্থনা কৰে।

“আপোনালোকে এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰস্তুতৰ কামতহে মনোযোগ দিয়ক। আদালতৰ আগতীয়া অনুমতি অবিহনে সংবাদ মাধ্যমক একো নক’ব। উচ্চতম ন্যায়ালয়ৰ দ্বাৰা নিযুক্ত বিষয়াই আমি নিৰ্ধাৰণ কৰিব লগীয়া কোনো এটা বিষয় সন্দৰ্ভত কেনেকৈ মত দিব পাৰে?” ন্যায়াধীশ ৰঞ্জন গগৈয়ে তেওঁলোক দুজনক কয়।

মন কৰিব লগীয়া যে কিছু দিন পূৰ্বে হাজেলাই সংবাদ মাধ্যমত কৈছিল যে দাবী আৰু আপত্তি গ্ৰহণৰ প্ৰক্ৰিয়াটোত খচৰাৰ পৰা বাদ পৰাসকলৰ নাগৰিকত্বৰ প্ৰমাণ হিচাপে যিকোনো বৈধ নথি গ্ৰহণযোগ্য হ’ব।

ৰাষ্ট্ৰীয় কাকত এখনক দিয়া সাক্ষাৎকাৰ এটালৈ আঙুলিয়াই হাজেলাক ন্যায়াধীশ গগৈয়ে প্ৰশ্ন কৰে, “এইটো কৰাৰ আপোনাৰ প্ৰয়োজন, অৱকাশ আৰু কৰ্তৃত্ব ক’ত? আপোনাৰ কাম হ’ল খচৰাৰ কামত লগা আৰু চূড়ান্ত এন আৰ চিখন প্ৰস্তুত কৰা।”

‘ভৱিষ্যতে সাৱধান’ হ’ব –আদালতে এই বুলি সকীয়াই দিয়ে হাজেলা আৰু শৈলেশক।

এটা সূত্ৰই জনোৱা মতে, আদালতে তেওঁলোকক কয় যে এন আৰ চিৰ জৰুৰী কাম নথকা হ’লে তেওঁলোকৰ বিৰুদ্ধে আদালত অৱমাননাৰ বিচাৰ চলোৱা গ’ল হেঁতেন।

একেটা সূত্ৰই জনোৱামতে, এন আৰ চিৰ গোচৰটোৰ শুনানিৰ তাৰিখ আদালতে প্ৰথম অৱস্থাত ১৬ আগষ্ট নিৰ্ধাৰণ কৰিছিল যদিও হাজেলা আৰু শৈলেশৰ এনেবোৰ কৰ্মকাণ্ডৰ বাবেই আদালতে এই তাৰিখ আগুৱাই ৭ আগষ্ট কৰে।