NORTHEAST NOW (Assamese)

প্ৰত্যাহ্বান নেওচি আইআইটিত স্থান লাভ মাজুলীৰ কৃষকৰ সন্তান বাবুল পেগুৰ

June 22, 2018 10:27 am · মিটু খাটনিয়াৰ

দৰিদ্ৰতা কেতিয়াও মেধাৰ প্ৰাচীৰ হ’ব নোৱাৰে। হাজাৰ প্ৰত্যাহ্বান নেওচি তাকেই প্ৰমাণ কৰি দেখুৱালে মাজুলী জেংৰাইমূখ মহুৱাচুক গাঁৱৰ দৰিদ্ৰ খেতিয়ক দাইৰিং পেগুৰ পুত্ৰ বাবুল পেগুৱে। বাবুল পেগুৱে সুখ্যাতিৰে স্থান লাভ কৰিলে আই আই টিত। তেওঁৰ এই সাফল্যই গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হ’ল মাজুলীলৈ।

উল্লেখ্য যে দৰিদ্ৰতাৰ সৈতে যুঁজ কৰি প্ৰতি খোজত আগবাঢ়ি গৈছিল বাবুল। প্ৰৱল ইচ্ছা শক্তি, একাগ্ৰতা আৰু কঠোৰ পৰিশ্ৰমেৰে যে সফলতা লাভ কৰিব পাৰি এই কথা প্ৰমাণ কৰি দেখুৱালে বাবুল পেগুৱে।

নিজৰ একান্ত ব্যক্তিগত প্ৰচেষ্টাত বাবুলে শিক্ষা জীৱনত বহু কঠিন সমস্যাৰ সন্মুখীন হৈছে যদিও একাগ্ৰতা আৰু ধৈৰ্যৰ পৰিচয় দাঙি ধৰি  সুখ্যাতিৰে উত্তীৰ্ণ হৈ আই আই টি হায়দৰাবাদত কেমিকেল ইঞ্জিনিয়াৰিঙত স্থান লাভ কৰি নিজ পিতৃ-মাতৃৰ লগতে জন্ম গাঁওখনলৈ সুনাম কঢ়িয়াই আনিলে।

তাৎপৰ্য পূৰ্ণ কথা এই যে বাবুলৰ মাতৃয়ে ঘৰখন চোৱা চিতা কৰিবৰ বাবে কাম কৰিবলগীয়া হৈছিল ইঘৰ সিঘৰত। আৰ্থিক দৈন্যতাই পুষ্ট কৰা পৰিয়ালটোৰ মেধা ছাত্ৰ জনৰ সাফল্যত এতিয়া আনন্দিত মাজুলীবাসী ।

Related News