প্ৰত্যৰ্পণ চুক্তিত আগবঢ়োৱা সাহায্যত ব্ৰুসকল অসন্তুষ্ট বুলি ওলোৱা বাতৰি সত্য নহয় : ব্ৰু ফ’ৰাম

Bru-repatriation-570x320

প্ৰত্যৰ্পিত প্ৰতিটো ব্ৰু পৰিয়াললৈ কেন্দ্ৰীয় চৰকাৰে আগ বঢ়োৱা ৪ লাখকৈ টকাৰ এককালীন আৰ্থিক সাহায্যত অসন্তুষ্ট বুলি সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি সত্য নহয় বুলি দাবী কৰিছে মিজোৰাম ব্ৰু উদ্বাস্তু লোকসকলৰ ফ’ৰাম Mizoram Bru Displaced People’s Forum চমুকৈ MBDPF-এই। ফ’ৰামৰ অধ্যক্ষ ছৱাইবুংগাই এই বাতৰিটো সম্পূৰ্ণ মিছা বুলি কয়।

ফ’ৰামৰ অধ্যক্ষগৰাকীয়ে কয়, ‘‘আমি অলপতে কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়, মিজোৰাম আৰু ত্ৰিপুৰা চৰকাৰৰ সৈতে চুক্তিপত্ৰত স্বাক্ষৰ কৰিছোঁহে। আমাৰ দাবী যে পূৰণ হোৱা নাই তাৰ ওপৰত আমি সংবাদ মাধ্যমৰ আগত কোনো বক্তব্য ৰখা নাই। এই ক্ষেত্ৰত ব্ৰু লোকসকল অত্যন্ত সন্তুষ্ট।’’

চুক্তি অনুসৰি, ত্ৰিপুৰাৰ পৰা মিজোৰামলৈ শৰণাৰ্থী প্ৰত্যাৰ্পিত প্ৰতিটো ব্ৰু পৰিয়ালক ৪ লাখ টকাৰ এককালীন আৰ্থিক সাহায্য, এটা ঘৰ আৰু দুবছৰৰ বিনামূলীয়া ৰেচন যওগান ধৰা হ’ব। তাৰোপৰি, তেওঁলোকক দুবছৰৰ বাবে মাহিলী ৫,০০০ টকাকৈ আৰ্খিক সাহায্য প্ৰদান কৰা হ’ব।

স্বাক্ষৰিত হোৱা ব্ৰু প্ৰব্ৰজনকাৰী প্ৰত্যাৱৰ্তন চুক্তি অনুসৰি বৰ্তমান অস্থায়ী শিবিৰত বাস কৰি থকাউদ্বাস্তু লোকসকলক চলিত বৰ্ষৰ ৩০ ছেপ্টেম্বৰৰ পূৰ্বে মিজোৰামলৈ প্ৰত্যাৰ্পিত কৰা হ’ব।

এ ছৱাইবুংগাই প্ৰকাশ কৰিছে, ‘‘এই চুক্তি স্বাক্ষৰিত হোৱাৰ কথা গম পোৱাৰ পাছত ব্ৰু লোকসকল আনন্দত আত্মহাৰা হৈ পৰিছে। অৱশ্যে, শিবিৰত থকা ৩২,৮৭৬ লোকৰ কোনোবা কুনুবিয়ে অন্য ধৰণেও ভাবিব পাৰে।’’ এ ছৱাইবুংগাই কোৱা অনুসৰি, অধিকাংশ উদ্বাস্তু লোকেই এই চুক্তিত সন্তুষ্ট হৈছে।

উল্লেখ্য যে ২০২০-২১লৈকে চলিবলগীয়া প্ৰত্যাৰ্পণৰ প্ৰক্ৰিয়াটোত ব্যয় হ’ব ৪৩৫কোটি টকা।

১৯৯৭চনৰ ভোটাৰ তালিকা অনুসৰি চিনাক্ত হোৱা সকলো প্ৰত্যাৰ্পিত ব্ৰু লোকসকলৰ নিৰাপত্তাৰ বাবে মিজোৰাম চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব।

১৯৯৭চনৰ পৰা প্ৰায় ৮,০০ ব্ৰু শৰণাৰ্থী মিজোৰামলৈ উভতি গৈছে আৰু শান্তিৰে বসবাস কৰি আছে।

উল্লেখ্য যে ব্ৰু পৰিয়ালসমূহৰ ভৰণ-পোষণৰ ব্যয়ৰ বাবদ কেন্গ্ৰীয় চৰকাৰে ত্ৰিপুৰা চৰকাৰক ৩৪৮.৯০ কোটি টকা আৰু প্ৰত্যাৰ্পিত হোৱা ৮,০০০ ব্ৰু শৰণাৰ্থীক সাহায্য কৰাৰ ব্যয়ৰ বাবদ মিজোৰাম চৰকাৰক ৬৮.৯০ কোটি টকা প্ৰদান কৰিছে।

মিজোৰাম ব্ৰু উদ্বাস্তু লোকৰ ফ’ৰামৰ এ ছৱাইবুংগাই প্ৰকাশ কৰিছে যে প্ৰত্যাৰ্পণৰ চুক্তিত ব্ৰু লোকসকল সন্তুষ্ট আৰু সংবাদ মাধ্যমত তেওঁলোক অসন্তুষ্ট বুলি ওলোৱা বাতৰিটো সত্য।