ভাৰতবৰ্ষৰ আটাইতকৈ নতুন মণিপুৰৰ সৈনিক বিদ্যালয় ছিঙছিপত সৈনিক বিদ্যালয়ৰ ইতিহাসত পোন প্ৰথম বাৰলৈ লিংগ সমতা স্থাপনৰ উদ্দেশ্যৰে নতুন শিক্ষাবৰ্ষত ছোৱালীয়ে নামভৰ্তি কৰিব পাৰিব বুলি ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছে।
মিজোৰামৰ ৰাজ্যপাল লে.জেনেৰেল নিৰ্ভয় শৰ্মাই সৈনিক বিদ্যালয় ছিঙছিপে লোৱা সিদ্ধান্তত যথেষ্ট উৎফুল্লিত হোৱা পৰিলক্ষিত হৈছে। এই সিদ্ধান্ত লোৱাৰ ফলত মিজোৰামৰ উন্নয়নত ব্যাপক সহায় হোৱাৰ উপৰি লিংগ সমতা স্থাপনত দেখুওৱা নিদৰ্শনে যথেষ্ট উপকাৰ সাধন কৰিব। লগতে সৈনিক বিদ্যালয়খনে লোৱা এই সিদ্ধান্তই মহিলাসকলৰ সৱলীকৰণতো সহায় কৰিব বুলি ৰাজ্যপালগৰাকীয়ে মত পোষণ কৰে।
উল্লেখযোগ্য যে সৈনিক বিদ্যালয় ছিঙছিপে ইতিমধ্যে নতুন শিক্ষা বৰ্ষৰ নাম ভৰ্তিৰ বাবে ষষ্ঠ শ্ৰেণীৰ কাৰণে প্ৰ পত্ৰ যোগান ধৰা বুলি জানিবলৈ দিয়ে। ২০০৬ আৰু ২০০৭ৰ জুলাইৰ ভিতৰত জন্মগ্ৰহণ কৰা ছোৱালীৰ নামভৰ্তিৰ বাবে ৭ জানুৱাৰী তাৰিখে প্ৰৱেশ পৰীক্ষাৰ আয়োজন কৰিছে সৈনিক বিদ্যালয়খনে।
প্ৰতিৰক্ষা মন্ত্ৰনালয়ৰ অধীনত সৈনিক বিদ্যালয় সন্থাই সৈনিক বিদ্যালয় সমূহ স্থাপন কৰাৰ লগতে পৰিচালনা কৰে। ১৯৬১ চনত তদানীন্তন প্ৰতিৰক্ষা মন্ত্ৰী ভি কে মেননে কেদাৰসকলৰ আঞ্চলিক আৰু বৰ্গ অসামঞ্জস্য দূৰ কৰাৰ উদ্দেশ্যৰে ছাত্ৰসকলৰ বাবে নেশ্যনেল ডিফেন্স একাডেমি আৰু ইণ্ডিয়ান নেভেল একাডেমিৰ স্থাপন কৰিছিল।