প্ৰধান মন্ত্ৰী কাৰ্যালয়ৰ বিভাগীয় ৱে’বছাইটৰ অসমীয়া আৰু মণিপুৰী সংস্কৰণ মুকলি

প্ৰধান মন্ত্ৰী কাৰ্যালয়ৰ বিভাগীয় ৱে’বছাইটৰ (www.pmindia.gov.in) অসমীয়া আৰু মণিপুৰী সংস্কৰণ মুকলিৰ জৰিয়তে নতুন বছৰৰ প্ৰথম দিনাই প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উত্তৰ পূৰ্বাঞ্চল প্ৰেমৰ প্ৰকাশ দেখা পোৱা গ’ল।

দুয়োখন ৰাজ্যৰে বহু সংখ্যক নাগৰিকৰ অনুৰোধ ৰাখি নতুনকৈ প্ৰৱৰ্তন কৰা এই ব্যৱস্থাৰ ফলত এতিয়াৰে পৰা এই ৱে’বছাইটটো অসমীয়া আৰু মণিপুৰী ভাষাটো উপলব্ধ হ’ব। ৱে’বছাইট দুটা হ’ল অসমীয়া: http://www.pmindia.gov.in/asm/ আৰু মণিপুৰী: http://www.pmindia.gov.in/mni/। এই দুই নতুন সংস্কৰণক ধৰি এতিয়া সৰ্বমুঠ ১১ টা আঞ্চলিক ভাষাত প্ৰধান মন্ত্ৰী কাৰ্যালয়ৰ ৱে’বছাইটটো উপলব্ধ।

 

প্ৰধান মোদীয়ে টুইটাৰ যোগে কয়, ‘@PMOIndia ৰ অসমীয়া আৰু মণিপুৰী ৱে’বছাইটৰ কাৰ্য সম্পাদন কৰা সকলোৰে মই শলাগ লৈছো। মই লগতে সকলো লোককে তেওঁলোকৰ মতামত জনোৱাৰ বাবে আহ্বান জনাইছো যাতে আমি এই ছাইটসমূহ আৰু উন্নত কৰি তুলিব পাৰো।’

প্ৰধান মন্ত্ৰী কাৰ্যালয়ৰ নতুন সংস্কৰণ মুকলিক লৈ প্ৰধান মন্ত্ৰীৰ টুইটক মণিপুৰৰ মুখ্য মন্ত্ৰী এন বিৰেন সিঙে ৰিটুইট কৰে। এই ৰিটুইট আছিল কৃতজ্ঞতা প্ৰকাশৰ এক স্পষ্ট ইংগিত।

অসমৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো টুইটাৰত ইয়াক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁ  ‘@PMOIndia বৰ্তমান অসমীয়াটো উপলব্ধ হোৱাত কৃতজ্ঞচিত্তে আনন্দিত হৈছো। ইয়াৰ ফলত অসমৰ ৰাইজে প্ৰধান মন্ত্ৰীৰ কামকাজক অধিক সুক্ষ্ম দৃষ্টিৰে আৰু ওচৰৰ পৰা লক্ষ্য কৰিব পাৰিব।’ বুলি উল্লেখ কৰি লগতে কয়, ‘@narendramodiৰ এই সুন্দৰ অনুমোদনৰ প্ৰতি কৃতজ্ঞ। আমাৰ প্ৰতি আপুনি সদায়ে দয়ালু।’