প্ৰধান মন্ত্ৰী কিষান সম্পদ যোজনাৰ সুযোগ গ্ৰহণ কৰিবলৈ উদ্যোগীক আহ্বান মণিপুৰৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰীৰ

20180523_161836

মণিপুৰৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী থংগাম বিশ্বজিত সিঙে স্থানীয় উদ্যোগীসকলক আহ্বান জনাইছে যাতে তেওঁলোকে প্ৰধান মন্ত্ৰী কিষান সম্পদ যোজনাৰ অন্তৰ্গত প্ৰকল্পসমূহৰ লাভ গ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে এই আঁচনিৰ জৰিয়তে স্থানীয় উদ্যোগীসকলক সম্ভৱপৰ সকলো সহায়তা আগবঢ়োৱা হ’ব। প্ৰধান মন্ত্ৰী কিষান সম্পদ যোজনা হৈছে এনে এটা আঁচনি, যাৰ দ্বাৰা স্থানীয় উদ্যোগীসকলক সহায় কৰাৰ লগতে অনুপ্ৰাণিত কৰা লক্ষ্য স্থিৰ কৰা হৈছে।

বুধবাৰে সদৌ মণিপুৰ উদ্যোগী সন্থাৰ সদস্যসকল আৰু বাণিজ্য আৰু উদ্যোগ বিভাগৰ বিষয়াবৰ্গ উপস্থিত থকা কিষান সম্পদৰ ওপৰত অনুষ্ঠিত সভাখনত অধ্যক্ষতা কৰি মণিপুৰৰ বাণিজ্য আৰু উদ্যগ মন্ত্ৰীগৰাকীয়ে এইদৰে কয়। তেওঁ আৰু কয় যে ৰাজ্যখনত উদ্যোগৰ প্ৰতি নাগৰিকসকলক উৎসাহিত কৰিলে ৰাজ্যখনৰ নিবনুৱা সমস্যা লাঘৱ হ’ব।

উদ্যোগ মন্ত্ৰীগৰাকীয়ে স্থানীয় উৎপাদনকৰ্তাসকলৰ উৎপাদিত দ্ৰব্যসমূহ সংৰক্ষণ কৰাৰ বাবে খাদ্য সংৰক্ষণ খণ্ডটো উন্নত কৰিব লাগাৰ ওপৰতো আলোকপাত কৰে।উপস্থিত উদ্যোগীসকলে আঁচনিৰ বাবে আৱেদন জনাওতে সমুখীন হোৱা অসুবিধাসমূহলৈকেও দৃষ্টি আকৰ্ষণ কৰে।

প্ৰধান মন্ত্ৰী কিষান সম্পদ যোজনাৰ অন্তৰ্গত মেগা ফুড পাৰ্ক, কৃষি-প্ৰক্ৰিয়াকৰণ গোটসমূহৰ সংমিশ্ৰিত শীতল শৃখল আৰু মূল্য আৰোপ আন্তঃগাঁথনি, খাদ্য প্ৰক্ৰিয়াকৰণ আৰু সংৰক্ষণ সামৰ্থ বৃদ্ধি কৰা, পশ্চাৎমুখী সংযোগ আৰু পূৰ্বমুখী সংযোগ সৃষ্টি কৰা, খাদ্য সুৰক্ষাআৰু মান নিশ্চিত আন্তঃগাঁথনি সৃষ্টি কৰা, মানৱ সম্পদ আৰু প্ৰতিষ্ঠানসমূহ বলৱৎ কৰা। বুধবাৰৰ সভাখনত খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগসমূহৰ উপ সঞ্চালক এইচ্ছ মুৰাৰী মেইটেইও উপস্থিত আছিল।