প্ৰধান মন্ত্ৰী মোদীৰ সমান্তৰালকৈ গুৱাহাটীতো উপবাস বিজেপিৰ; কংগ্ৰেছৰ সমালোচনা

IMG20180412115016

বিৰোধী দল কংগ্ৰেছে সংসদৰ কাম-কাজ অচলাৱস্থা কৰি তোলাৰ অভিযোগ উত্থাপন কৰি আজি দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অনশন ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰে। প্ৰধান মন্ত্ৰী মোদীৰ অনশনক সহাৰি জনায় দেশৰ অন্য প্ৰান্তৰ লগতে গুৱাহাটীতো ভাৰতীয় জনতা পাৰ্টীৰ একাংশ নেতৃবৃন্দই  ৭ ঘন্টীয়া অনশন ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ণ কৰে।

দেশৰ তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ মহানগৰীৰ মেঘদূত ভবনৰ সন্মুখত থকা নেহৰুপাৰ্কতো বিজেপি দলে আজি পূৱা ১০ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ অনশন কাৰ্য্যসূচী চলাই নিয়ে।

এই অনশন কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি পূব গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই সংবাদমাধ্যক কয় ‘বিগত যি বাজেট সত্ৰ অনুষ্ঠিত হৈছিল তাত কংগ্ৰেছৰ বিধায়ক তথা বিৰোধী পক্ষই সম্পূৰ্ণ অগণতান্ত্ৰিকভাবে আচৰণ কৰিলে। তদুপৰি তেওঁলোকে শান্তিপূৰ্ণভাবে সদন চলিব দিয়া নাছিল। কংগ্ৰেছৰ এনেধৰণৰ অগণতান্ত্ৰিক পদ্ধতিৰ বিৰোধিতা কৰি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দিল্লীত অনশনত বহিছে। তেখেতৰ সৈতে সহমৰ্মিতা প্ৰকাশ কৰিবৰ বাবে আজি আমিও এই অনশনত বহিছো।‘

আনহাতে, বিধানসভা তথা লোকসভাৰ বাজেট অধিবেশনত কংগ্ৰেছৰ ভূমিকা সন্দৰ্ভত গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজয়া চক্ৰৱৰ্তীয়ে কয় ‘বাজেট অধিবেশনৰ দিনকেইটাত কংগ্ৰেছ দলে বিৰোধী দলসমূৰ লগ লাগি এটা দিনো শান্তিপূৰ্ণভাবে সদনৰ কাম কাজ পৰিচালনা কৰিব নিদিলে। কংগ্ৰেছে ৰাইজক সম্পূৰ্ণ অন্ধকাৰত ৰাখি থ’লে।‘

ইয়াৰ উপৰি তেওঁ কয় যে কংগ্ৰেছে কথাৰ ফুলজাৰি মাৰি জনসাধাৰণক বিপথে পৰিচালনা কৰাৰ যি ব্যৱস্থা কৰিছে সেয়া গ্ৰহণযোগ্য নহয়।‘

আনহাতে, নিজৰ চৰকাৰখনৰ প্ৰশংসা কৰি বিজয়া চক্ৰবৰ্তীয়ে কয় ‘আমাৰ চৰকাৰে দুটা বছৰত যথেষ্ট কাম কৰিছে।

এই অনশন কাৰ্য্যসূচীত অসম পৰ্য্যটন বিভাগৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা, গুৱাহাটী পৌৰনিগমৰ মেয়ৰ মৃগেন শৰনীয়াকে ধৰি গুৱাহাটী মহানগৰ জিলা বিজেপিৰ বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰে।

তাৎপৰ্য্যপূৰ্ণভাবে বিজেপিয়ে সৰ্বভাৰততে চলোৱা এই অনশন কাৰ্য্যসূচীৰ বিৰোধীতা কৰি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই টুইটাৰৰ জৰিয়তে নিজৰ মত পোষণ কৰে।

টুইটোত সভাপতিগৰাকীয়ে স্পষ্টৰূপত উল্লেখ কৰে যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত সমগ্ৰ দেশজুৰি কংগ্ৰেছ তথা অন্য বিৰোধীসকলে সদনত বাধাৰ সৃষ্টি কৰা বুলি অভিযোগ তুলি আজি যি দিনযোৰা অনশন কাৰ্য্যসূচী কৰিলে, এয়া হৈছে দেশৰ জনসাধাৰণক দেশৰ জলন্ত সমস্যাসমূহৰ পৰা মনটো বেলেগফাললৈ লৈ যোৱাৰ এক চেষ্টা।