NORTHEAST NOW (Assamese)

প্ৰফুল্ল কুমাৰ মহন্তৰ বাসগৃহত অচিনাক্ত লোকৰ প্ৰৱেশ : তদন্ত আৰম্ভ নগাঁও আৰক্ষীৰ

December 4, 2017 11:20 am · এন ই নাও নিউজ ব্যুৰো
Updated: December 4, 2017 11:31 am

প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ নগাওঁস্থিত আমোলাপট্টিৰ বাসগৃহত কালি নিশা ঠিক ৯ মান বজাত এজন অচিনাক্ত লোকে প্ৰৱেশ কৰি এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰে। লোক জনে প্ৰাক্তন মুখ্যমন্ত্ৰী মহন্ত আৰু তেওঁৰ পত্নী জয়শ্ৰী গোস্বামী মহন্তক অশালীন বাক্যবাণেৰে ভাবুকি দিয়া বুলি এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা গৈছে। পিছত আৰক্ষীক খবৰ দিয়াত মহন্তৰ বাসগৃহত নগাঁও জিলাৰ আৰক্ষীৰ উচ্চপদস্থ বিষয়া উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। আৰক্ষীয়ে খবৰ দিয়া অনুসৰি এই পৰ্যন্ত লোকজনৰ কোনো শুং সূত্ৰ উলিয়াব পৰা নাই। আনহাতে মহন্ত আৰু তেওৰঁ পত্নীয়ে ঘটনা সন্দৰ্ভত এতিয়ালৈ সংবাদ মাধ্যমৰ আগত মুখ খোলা নাই।

Related News