NORTHEAST NOW (Assamese)

প্ৰাক্তন প্ৰেমিকক জীৱন্তে জ্বলাই দিয়া যুৱতী আৰু তেওঁৰ সহযোগীক কঠোৰ শাস্তিৰ দাবীত তেজপুৰত প্ৰতিবাদী সমদল

April 24, 2018 11:05 am · প্ৰণৱ কুমাৰ দাস

দেশৰ লগতে ৰাজ্যত শেহতীয়াকৈ শিশু আৰু মহিলাৰ ওপৰত বৃদ্ধি পোৱা ধৰ্ষণৰ নিচিনা জঘন্য কাণ্ডৰ বিৰুদ্ধে চৌদিশে প্ৰতিবাদ সাব্যস্ত হৈ আছে। ঠিক সেইদৰে তেজপুৰ চহৰতো সোমবাৰে সন্ধিয়া দেখা গ’ল প্ৰতিবাদী সমদল। কিন্তু এই প্ৰতিবাদ দেশত বৃদ্ধি পোৱা নাৰীজনিত অপৰাধৰ বিপক্ষে নহয়। চহৰখনত এগৰাকী যুৱতী আৰু তেওঁৰ প্ৰেমিকে মিলি প্ৰাক্তন প্ৰেমিকক জীৱন্তে জ্বলাই দিয়াৰ দৰে নৃশংস ঘটনাৰ বিৰুদ্ধেহে শ শ লোক ওলাই আহি সাব্যস্ত কৰিলে প্ৰতিবাদ।

উল্লেখ্য যে ২০ এপ্ৰিলৰ দিনা প্ৰেমজনিত কাৰণত তেজপুৰত সংঘটিত হৈছিল এই ভয়ংকৰ ঘটনা। জনিব পৰা মতে কাব্যশ্ৰী মহন্ত নামৰ এগৰাকী যুৱতীয়ে তেওঁৰ বৰ্তমানৰ প্ৰেমিক সুনীত ৰয়ৰ সৈতে মিলি প্ৰাক্তন প্ৰেমিকক জ্বলাই হত্যাৰ চেষ্টা কৰিছিল।

এই অমানৱীয় ঘটনাত জড়িত দুয়োগৰাকী অভিযুক্তকে দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবীত কালি সন্ধিয়া চহৰখনৰ চানমাৰিৰ পৰা এল বি ৰোডলৈ এক বৃহৎ সংখ্যক লোকে প্ৰতিবাদী সমদল উলিয়ায়।

সূত্ৰটোৱে জনোৱা মতে ঘটনাত জড়িত যুৱতীগৰাকী আৰু তেওঁৰ প্ৰেমিকজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি সোধা-পোছা অব্যাহত ৰাখিছে।

উল্লেখ্য যে শৰীৰৰ প্ৰায় ৮০ শতাংশ অগ্নিদগ্ধ হোৱা ভুক্তভোগী যুৱকজনক স্থানীয় লোকৰ তৎপৰতাত স্থানীয় কনকলতা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল যদিও পাছত তেওঁক সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয়।

Related News