প্ৰাক্তন বিধায়ক জিতেন গগৈৰ স্বৈৰাচাৰিতাত বোকাখাতৰ কাৰিকৰী প্ৰশিক্ষণ প্ৰতিষ্ঠানত অচলাৱস্থা

AtulBora

বানত মৃত্যু হোৱা প্ৰয়াত সুনীল মুড়াৰ পৰিবাৰৰ হাতত অতুল বৰাই তুলি দিলে ৪ লাখ টকাৰ এককালীন সাহায্যৰ চেক।

পৰিচালনাত হোৱা বেমেজালি আৰু বৃহৎ বিত্তীয় বিশৃংখলাৰ অভিযোগেৰে আজি বোকাখাতৰ মহকুমা প্ৰশাসনৰ উদ্যোগত আয়োজিত ৰাজহুৱা সভাত বোকাখাতৰ কাৰিকৰী প্ৰতিষ্ঠানৰ বাবে এখন তদৰ্থ পৰিচালনা সমিতি গঠন কৰা হয় ৷

১৯৯০ চনতে প্ৰতিষ্ঠিত বোকাখাতৰ একমাত্ৰ কাৰিকৰী প্ৰশিক্ষণ প্ৰতিষ্ঠানটো পৰিচালনা কৰিছিল বোকাখাতৰ প্ৰাক্তন বিধায়ক জিতেন গগৈৰ নেতৃত্বাধীন বোকাখাত নিৰ্মাণ গোট নামৰ বেচৰকাৰী সংগঠনটোৱে৷ এই সময়ছোৱাতে প্ৰতিষ্ঠানটোত প্ৰাক্তন বিধায়কগৰাকীয়ে কৰা স্বৈৰাচাৰিতা আৰু বিত্তীয় অনিয়মৰ বাবে প্ৰতিষ্ঠানটোৰ সকলো শিক্ষক-কৰ্মচাৰীয়ে বিষয়টোৰ সমাধান বিচাৰি কাৰিকৰী প্ৰতিষ্ঠানটো পৰিচালনাৰ দায়িত্ব প্ৰশাসনে লোৱাৰ অনুৰোধেৰে বোকাখাতৰ মহকুমাধিপতিৰ কাষ চাপে ৷ বিষয়টো সন্দৰ্ভত  আলোচনা কৰাৰ বাবে মহকুমাধিপতিয়ে আজি তেওঁৰ সভাকক্ষত এখন ৰাজহুৱা সভা আহ্বান কৰে ৷ বোকাখাতৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰাৰ উপস্থিতিত অনুষ্ঠিত এই সভাত বোকাখাতৰ জ্যেষ্ঠ নাগৰিকসকলৰ উপৰি বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধি উপস্থিত থাকে৷

সভাত কাৰিকৰী প্ৰতিষ্ঠানটোৰ প্ৰশিক্ষক আৰু কৰ্মচাৰীয়ে জিতেন গগৈয়ে প্ৰতিষ্ঠানৰ পুঁজিৰ অপব্যৱহাৰ আৰু বিশৃংখলাৰ সৃষ্টি কৰা বুলি অভিযোগ উত্থাপন কৰে৷ সকলোকে আন্ধাৰত ৰাখি প্ৰতিষ্ঠানৰ বহু লক্ষাধিক টকাৰ খেলিমেলি কৰাৰ লগতে ৫৯ লাখ টকা প্ৰতিষ্ঠানৰ পুঁজিৰ পৰা ঋণ হিচাপে লৈ আজিও ওভতাই নিদিয়া বুলি তেওঁলোকে অভিযোগ কৰে৷ দীৰ্ঘদিন ধৰি প্ৰশিক্ষক-কৰ্মচাৰীক বেতন আদায় নিদিয়াৰ উপৰি বিভিন্ন সময়ত অপদস্থহে কৰাৰ অভিযোগ উত্থাপন কৰে প্ৰশিক্ষক-কৰ্মচাৰীসকলে৷

এইবোৰ অভিযোগৰ শেষত ৰাজহুৱা সভাই বোকাখাতৰ কাৰিকৰী প্ৰতিষ্ঠানত হোৱা বিত্তীয় দুৰ্নীতিৰ এক উচ্চ পৰ্যায়ৰ তদন্তেৰে দোষীক শাস্তি প্ৰদানৰ বাবে প্ৰশাসনক অনুৰোধ জনায়৷ প্ৰতিষ্ঠানটোৰ নামত থকা বেংক একাউণ্ট বন্ধ কৰি মাটি সম্পৰ্কীয় সকলো নথি-পত্ৰ ঠিক কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবেও প্ৰশাসনক সভাই অনুৰোধ কৰে৷

আনহাতে মন্ত্ৰী অতুল বৰাৰ উপস্থিতিতে আজিৰ সভাই বোকাখাতৰ কাৰিকৰী প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ পৰিচালনাৰ দায়িত্ব এখন আঠজনীয়া সমিতিৰ হাতত অৰ্পণ কৰে৷ কেবিনেট মন্ত্ৰী অতুল বৰাই প্ৰতিষ্ঠানটোৰ বিত্তীয় খেলিমেলিৰ উচ্চ পৰ্যায়ৰ তদন্ত শীঘ্ৰেই কৰিবৰ বাবে বোকাখাতৰ মহকুমাধিপতিক নিৰ্দেশ দিয়ে৷ সভাৰ সিদ্ধান্তৰ পাছত বোকাখাতৰ মহকুমাধিপতিয়ে বোকাখাত কাৰিকৰী প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ সমূহ বিত্তীয় নথি-পত্ৰ, পাছবুক আদি জব্দ কৰে৷ এই সভাতে শেহতীয়া বানত জ্ঞানদীপ চাহ বাগিচাত মৃত্যু হোৱা সুনীল মুড়াৰ পৰিবাৰক প্ৰশাসনৰ ফালৰ পৰা দিয়া ৪ লাখ টকাৰ এককালীন সাহায্য মন্ত্ৰী অতুল বৰাই প্ৰদান কৰে৷