প্ৰাক্তন মুখ্য মন্ত্ৰীয়ে চৰকাৰী বাংলো দখল কৰাটো অসাংবিধানিক : সৰ্বোচ্চ ন্যায়ালয়

supreme-court_of_India-678x381

ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ে এক ৰায়দান যোগে ঘোষণা কৰিছে যে ভাৰতৰ কোনো প্ৰাক্তন মুখ্য মন্ত্ৰীয়ে চৰকাৰী বাংলো অধিকাৰ কৰি থাকিব নোৱাৰিব।

এই ৰায়দান অসমৰ দুগৰাকী প্ৰাক্তন মুখ্য মন্ত্ৰীৰ বাবে হৃদয় বিদাৰক হৈ পৰিছে।

দুবছৰ পূৰ্বে মুখ্য মন্ত্ৰীত্বৰ পৰা পদচ্যুত হোৱা তৰুণ গগৈয়ে বৰ্তমানো তেওঁ ৰাজ্যৰ মুখ্য মন্ত্ৰী হিচাপে দখল কৰি থকা বাংলোটো ত্যাগ কৰা নাই। প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ ক্ষেত্ৰতো একেই কথা প্ৰযোজ্য।

বিচাৰক ৰঞ্জন গগৈ আৰু বিচাৰক আৰ বেণুমাথিৰে গঠিত সৰ্বোচ্চ ন্যালয়ৰ অখন খণ্ড বিচাৰপীঠে এটি গুৰুত্বপূৰ্ণ ৰায়দান যোগে প্ৰক্তন মুখ্য মন্ত্ৰীসকলে এনেদৰে চৰকাৰী বাংলো দখন কৰা কাৰ্যটো নীতি বহিৰ্ভূত আৰু অসাংবিধানিক হিচাপে আখ্যায়িত কৰিছে।

ৰায়টোত কোৱা হৈছে যে চৰকাৰী বাংলো বা চৰকাৰী বাসগৃহ আদি প্ৰাকৃতিক সম্পদ, ৰাজহুৱা ভূমি আৰু সম্পত্তিৰ নিচিনা দেশৰ জনসাধাৰণৰ সম্পত্তি. ন্যায়, নিৰপেক্ষতাৰ পৰা উত্থান হোৱা সমতাৰ নীতিৰে ৰাজ্যৰ এই সম্পত্তিসমূহ বিতৰণ হোৱাটো বাঞ্চনীয় বুলি ৰায়টোত কোৱা হয়। এগৰাকী মুখ্য মন্ত্ৰীয়ে তেওঁৰ কৈৰ্যালয় ত্যাগ কৰাৰ পাছত নিৰাপত্তা ৰক্ষী আৰু অন্য প্ৰট’কলসমূহ লাভ কৰিব যদিও তেওঁ তেওঁ কাৰ্যকালত লাব কৰা চৰকাৰী বাংলো দখল কৰি তকাটো কোনোপধ্যেই সংবিধানৰ দ্বাৰা স্বীকৃত নহয়।

কাৰ্যভাৰ ত্যাগ কৰাৰ পাছত মুখ্য মন্ত্ৰী আৰু সাধাৰণ ব্যক্তিৰ মাজত কোনো পাৰ্থ্য নাই বুলি বিচাৰপীঠখনে পৰ্যৱেক্ষণ কৰে।