NORTHEAST NOW (Assamese)

প্ৰাগজ্যোতিকা জুনিয়ৰ কলেজৰ পৰা পঞ্চমস্থান লাভ কৰি তিতাবৰলৈ গৌৰৱ কঢ়িয়ালে অনিন্দিতাই

May 31, 2018 5:18 pm · এন ই নাও নিউজ

যোৰহাট জিলাৰ তিতাবৰৰ প্ৰাগজ্যোতিকা জুনিয়ৰ কলেজৰ পৰা কলা শাখাত অনিন্দিতা নাথে আজি ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত পঞ্চমস্থান লাভ কৰি তিতাবৰলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে অনিন্দিতা নাথে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সৰ্বমুঠ ৪৮১ নম্বৰ লাভ কৰি ৰাজ্যখনৰ ভিতৰতে পঞ্চম স্থান লাভ কৰিবলৈ সক্ষম হয়।

পঞ্চমস্থান লাভ কৰা অনিন্দিতাৰ পৰা জানিব পৰা অনুসৰি মেধাৱী ছাত্ৰী গৰাকীয়ে ভৱিষ্যতে অৰ্থনীতি বিভাগত অনাৰ্ছসহ দিল্লী বিশ্ববিদ্যালয়ত স্নাতক পঢ়াৰ ইচ্ছা প্ৰকাশ কৰে।

মন কৰিব লগীয়া যে তিতাবৰৰ নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক গুণাৰাম নাথ আৰু বৰহোলা মহাবিদ্যালয়ৰ সমাজতত্ব বিভাগৰ অধ্যাপিকা চন্দ্ৰমা দেৱীৰ কন্যা অনিন্দিতা নাথে হাইস্কুল শিক্ষান্ত পৰীক্ষাত তিতাবৰৰ প্ৰাগজ্যোতিকা জুনিয়ৰ কলেজৰ পৰা ৰাজ্যখনৰ ভিতৰতে চতুৰ্থ স্থান লাভ কৰিছিল।

Related News