প্ৰিয়ংকা চোপ্ৰা, নমামি, বিজ্ঞাপনৰ বাবে আছে, ঐতিহ্য ক্ষেত্ৰ চলাবলৈ টকা নাই চৰকাৰৰ : তৰুণ গগৈ

Why didn't Akshay Kumar ask Modi about his wife? Asks Former Assam CM Gogoi

তৰুণ গগৈৰ ফাইল ছবি।

দেশৰ আন বিভিন্ন ঐতিহ্যমণ্ডিত কীৰ্তিচিহ্নসমূহৰ লগতে অসমৰ কাজিৰঙা, ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰক কেন্দ্ৰৰ বিজেপি ( BJP ) চৰকাৰে ব্যক্তিগত কোম্পানিক ‘গতাবলৈ লোৱা’ৰ প্ৰতিবাদত ৰাজ্যজুৰি হোৱা ব্যাপক প্ৰতিক্ৰিয়াৰ মাজতে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়েও আজি ৩ মে’ত চৰকাৰৰ এই সিদ্ধান্তক গৰিহণা দিছে।

কংগ্ৰেছে ৰক্ষা কৰিব পৰা নাই বুলি ‘জাতি, মাটি, ভেটি’ ৰক্ষাৰ প্ৰতিশ্ৰুতি দিয়া বিজেপি চৰকাৰে ‘একোৰে ৰক্ষা কৰিব পৰা নাই, তেওঁলোকেহে জাতি-মাটি বিক্ৰী কৰি দিবলে ওলাইছে’ বুলি কটাক্ষ কৰি গগৈয়ে কয় ‘প্ৰিয়ংকা চোপ্ৰাক আনিবলৈ টকা আছে, নমামি ব্ৰহ্মপুত্ৰ-বৰাক কৰিবলৈ টকা আছে, বিজ্ঞাপনত খৰচ কৰিবলৈ টকাৰ অভাৱ হোৱা নাই, হেৰিটে’জ চাইটকেইটা নিজে ৰাখিবলৈ হ’লে অসম চৰকাৰৰ টকা নাই!’

ইমানদিনে  চৰকাৰে এই ঐতিহ্য ক্ষেত্ৰসমূহ ৰক্ষণাৱেক্ষণ দি অহাৰ বিপৰীতে বৰ্তমানৰ চৰকাৰে  এইবোৰ ব্যক্তিগত খণ্ডক গতাই দিবলে খোজাক লৈ গগৈয়ে ‘এইখন এখন দেউলীয়া চৰকাৰ নেকি?’ বুলি প্ৰশ্ন কৰে।

চৰকাৰে যদি ধন খৰচ কৰিব নোৱাৰে অসমৰ ৰাইজে এখন সমিতি গঠন কৰি দান-বৰঙনি লৈ ৰাইজেই এই সম্পদসমূহ ৰাখিব লাগিব বুলি প্ৰাক্তন মুখ্য মন্ত্ৰীজনে মন্তব্য কৰে।

কেন্দ্ৰৰ বিজেপি চৰকাৰে গ্ৰহণ কৰা ‘এডপ্ত এ’ হেৰিটে’জ’ আঁচনিৰ যোগেদি ঐতিহ্য ক্ষেত্ৰসমূহ ব্যক্তিগত খণ্ডক গতাব খোজা হোৱা নাই বুলি অসম চৰকাৰে কৰি অহা দাবী সন্দৰ্ভত গগৈয়ে প্ৰশ্ন কৰে ‘‘এডপ্ত’ শব্দৰ অৰ্থ কি? যদি ‘ফেচিলিটি’ দিয়া হৈছে সেইটো শব্দ ব্যৱহাৰ কৰা, ইয়াৰ ইংগিতটো কি?’

পৰ্য্যটকৰ বাবে ৰাস্তা-ঘাট, শৌচালয় আদি নিৰ্মাণ কৰিব খোজা বুলি চৰকাৰে কৰা দাবী প্ৰসংগত গগৈয়ে পৰ্য্যটন নিগমটোও কোম্পানিক দি দিবলে বুলি চৰকাৰক কটাক্ষ কৰে।

অসমৰ ৰাইজ এই সম্পদসমূহৰ মালিক আৰু ব্যক্তিগতকৰণৰ যোগেদি বৰ্তমানৰ চৰকাৰে এই সম্পদসমূহ ধ্বংস কৰিবলে ওলাইছে বুলিও প্ৰাক্তন মুখ্য মন্ত্ৰীজনে মন্তব্য কৰে। তেওঁ লগতে চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে ওলাই অহা ৰাইজ আৰু দল-সংগঠনসমূহক ধন্যবাদ জ্ঞাপন কৰে।