পৰম্পৰা ৰক্ষা কৰিলে গগৈয়ে : লতাশিল খেলপথাৰৰ বিহুতলীত বিহু উদযাপন

TarunGogoi

আজি প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে ৰাজ্যবাসীলৈ অসমীয়া নৱবৰ্ষৰ লগতে ৰঙালী বিহুৰ শুভেচ্ছা তথা ওলগ জনায়। নিজৰ টুইটত প্ৰাক্তন মুখ্য মন্ত্ৰী গগৈয়ে কয়, “অসমীয়া নৱবৰ্ষৰ লগতে ৰঙালী বিহুৰ হিয়াভৰা ওলগ সকলোলৈ জনালো। ৰঙালী বিহুটিয়ে সুখ-শান্তি আৰু সাফল্যৰ বাৰ্তা কঢ়িয়াই আনি জীৱনটো ৰঙালীৰ ৰঙেৰে ৰঙীন আৰু সুন্দৰ কৰি তোলক তাৰে কামনা কৰিলো।”

আনহাতে আজি প্ৰাক্তন মুখ্য মন্ত্ৰীজনে পৰম্পৰা ৰক্ষা কৰি লতাশিল খেলপথাৰত উদযাপিত বিহুতলীলৈ যায়। গগৈয়ে কয় যে ৰঙালী বিহুৱে অসমবাসীৰ প্ৰতিজনৰে মনলৈ ৰং আৰু প্ৰেৰণা কঢ়িয়াই অনাৰ লগতে ইতিবাচক শক্তি বিয়পাই দিয়ে। লগতে এই জাতীয় উৎসৱটোৱে সকলো সম্প্ৰদায়ৰ মাজত যুগমীয়া সম্প্ৰীতিৰ বান্ধোন কটকটীয়া কৰে।

মন কৰিব লগীয়া কথাটো হ’ল যে বিগত বহু বছৰ ধৰি লতাশিল খেলপথাৰৰ বিহুলৈ যোৱাটো তৰুণ গগৈৰ এটা অঘোষিত পৰম্পৰা হিচাপে দেখা পোৱা গৈছে। প্ৰতি বছৰে জ্যেষ্ঠ ৰাজনীতিকজনে এজন সাধাৰণ অসমীয়াৰ দৰে লতাশিলত বিহু উদযাপন কৰি আহিছে। ৰাজনীতিৰ পৰা আঁতৰি বিহুতলীত তেওঁ বিৰোধী দলৰ নেতাৰ সৈতেও নাচি-বাগি ৰং কৰা দেখা যায়। যোৱা বছৰ তেওঁ বিজেপি দলৰ সাংসদ বিজয়া চক্ৰৱৰ্তীৰ সৈতে বিহু নাচিছিল। তাৰ আগৰ এবছৰ নিজে মুখ্য মন্ত্ৰী হৈ থকা অৱস্থাত প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ সৈতে লতাশিলত যথেষ্ট সৌহাৰ্দ্যৰে বিহু উদযাপন কৰিছিল। এয়াই তৰুণ গগৈ।