NORTHEAST NOW (Assamese)

পৰিবহণ বিষয়াৰে বুজাবুজি থকা বাবেই চুৰি গাড়ীৰ সহজে নতুন পঞ্জীয়ন নম্বৰ লাভ কৰে গাড়ীচোৰ চক্ৰই

December 17, 2017 6:52 pm · এন ই নাও নিউজ
Updated: December 17, 2017 7:48 pm
চুৰি হোৱা পিক আপ ব'লেৰ' গাড়ীখন।

পৰিবহণ বিষয়াৰে বুজাবুজি থকা বাবেই গাড়ীচোৰ চক্ৰই চুৰ কৰি অনা গাড়ীৰ সহজেই নতুন নম্বৰ লাভ কৰে। আজি চুৰি গাড়ী উদ্ধাৰৰ এটা ঘটনাত পোহৰলৈ আহিছে এনে তথ্য। জানিব পৰা মতে আজিৰ পৰা প্ৰায় সাতমাহ পূৰ্বে কামৰূপ গ্ৰাম্য জিলাৰ আমিন গাৱঁৰ পৰা এটা গাড়ীচোৰ চক্ৰই চালকজনক নিচাযুক্ত দ্ৰব্য খুৱাই অচেতন কৰি চুৰ কৰি নিয়া এখন বলেৰ’ পিক আপ ভেন আজি ঘটনাক্ৰমে খাৰুপেটীয়াৰ বালুগাৱঁৰ পাচলি বজাৰত নতুন নম্বৰ লাগি থকা অৱস্থাত ঘটনাক্ৰমে উদ্ধাৰ হয়। আৰক্ষীৰ সূত্ৰই জনোৱা মতে কামৰূপ গ্ৰাম্যৰ আমিন গাৱঁৰ পৰা আজিৰ পৰা প্ৰায় সাতমাহ পূৰ্বে এ এছ ২৫ চি চি ১৪৮৫ নম্বৰৰ এখন বলেৰ’ পিক আপ ভেন চুৰি হোৱাৰ গোচৰ পাইছিল যদিও ইয়াৰ একো শুংসূত্ৰ উলিয়াব পৰা নাছিল। কিন্তু আজি উক্ত গাড়ীখনৰ চালকজন ব্যৱসায়ৰ সূত্ৰে খাৰুপেটীয়াৰ বালুগাৱঁৰ সাপ্তাহিক পাচলি বজাৰলৈ অহাত ঘটনাক্ৰমে গাড়ীখন তেওঁৰ চকুত পৰে। গাড়ীখনৰ পঞ্জীয়ন নম্বৰটো বেলেগ আছিল যদিও তেওঁ গাড়ীখন সেইখনেই বুলি চিনি পায়। লগে লগে তেওঁ খাৰুপেটীয়া আৰক্ষীৰ কাষ চাপে আৰু আৰক্ষীয়ে তেওঁৰ তথ্যৰ ভিত্তিত গাড়ীখনৰ নম্বৰপ্লেইট পৰীক্ষা কৰি বৰ্তমানৰ পঞ্জীয়ন নম্বৰৰ (এ এছ ১৮ চি ৬৫৭২) প্লেইটখনৰ তলত আচল পঞ্জীয়ন নম্বৰ সম্বলিত প্লেইটখন দেখা পায়। তেতিয়া আৰক্ষীয়ে গাড়ীখনৰ কাগজ-পত্ৰ পৰীক্ষা কৰাত উৰহী গছৰ ওৰ ওলাই পৰে।

চুৰি গাড়ীখনৰ আচল মালিকৰ নাম হ’ল কাৰ্বি আংলং জিলাৰ খটখটীৰ মনোহৰ মগল (পিতা : মোগ্ৰাবালি মগল)। ইতিপূৰ্বে খটখটী আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হৈ আছিল। আজি খাৰুপেটীয়া আৰক্ষীয়ে গাড়ীখন খটখটী আৰক্ষীক গতাই দিয়ে।

উল্লেখযোগ্য যে আৰক্ষীয়ে কাগজ-পত্ৰ পৰীক্ষা কৰোঁতে এই কথা পোহৰলৈ আহে যে এই চুৰি গাড়ীখন পুনৰ গোৱালপাৰা জিলাৰ পৰিবহণ বিষয়াৰ কাৰ্য্যালয়ত উক্ত নতুন নম্বৰটোত পঞ্জীয়ন কৰা হৈছে। এই কথাই এটা সত্য প্ৰমাণ কৰে যে গাড়ীচোৰ চক্ৰৰ সৈতে পৰিবহণ বিভাগৰ বিষয়া-কৰ্মচাৰীৰ মিতিৰালি আছে, যাৰ ফলত গাড়ীচোৰত জড়িতসকলে সহজেই এখন গাড়ী নতুন নম্বৰত পঞ্জীয়ন কৰি আৰক্ষীৰ চকুত ধূলি দি থাকিব পাৰে।

Related News