NORTHEAST NOW (Assamese)

পৰিস্থিতিৰ বুজ লোৱাৰ বাবে উত্তৰ অসম ডিভিজনৰ আয়ুক্ত ড০ এম অংগমুথুৰ বিশ্বনাথ জিলা ভ্ৰমণ

August 1, 2018 9:31 pm · কাজি জেইদুল ইছলাম
Updated: August 1, 2018 11:30 pm

উত্তৰ অসম ডিভিজনৰ আয়ুক্ত ড০ এম অংগমুথুৱে আজি বিশ্বনাথ জিলা ভ্ৰমণ কৰে। জিলাখনৰ আইন-কানুন সম্বন্ধীয় পৰিস্থিতিৰ বুজ লোৱাৰ বাবে আয়ুক্তগৰাকীয়ে জিলাখন ভ্ৰমণ কৰে।

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ অন্তিম খচৰা প্ৰকাশিত হোৱাৰ পাছত জিলাখনত জিলাখনৰ আইন-কানুন সম্বন্ধীয় পৰিস্থিতিৰ বিষয়ে আলোচনা কৰাৰ বাবে তেওঁ বিশ্বনাথৰ জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ সৈতে এক আলোচনাচক্ৰত ভাগ লয়। এই আলোচনাচক্ৰখন বিশ্বনাথৰ উপায়ুক্তৰ কাৰ্যালয়ৰ আলোচনাকক্ষত অনুষ্ঠিত হৈছিল।

আয়ুক্তগৰাকীয়ে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ অন্তিম খচৰা প্ৰকাশিত হোৱাৰ পৰৱৰ্তী পৰ্যায়ৰ আইন-কানুন পৰিস্থিতি সম্বন্ধীয় বিভিন্ন দিশ পৰ্যালোচনা কৰে।

বিশ্বনাথৰ উপায়ুক্ত ধীৰাজ জ্যোতি কলিতা, আৰক্ষী অধীক্ষক দিগন্ত কুমাৰ চৌধুৰী আৰু অন্যন্য শীৰ্ষস্থানীয় বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হয়।

তাৰ পাছত আয়ুক্ত গৰাকীয়ে গহপুৰ মহকুমালৈ যায় আৰু একেধৰণৰ আলোচনাচক্ৰ এখনত অংশগ্ৰহণ কৰে। ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ বাহিৰেও তেওঁ গহপুৰৰ মহকুমাধিপতি ড০ ইন্দ্ৰশ্ৰী দাসৰ পৰা মহকুমাখনৰ বান পৰিস্থিতিৰ বিষয়ে বুজ লয়।

Related News