পৰীক্ষাৰ্থীক যৌন নিৰ্যাতনৰ অভিযোগত হোজাই মহাবিদ্যালয়ৰ প্ৰৱক্তাক বৰ্খাস্ত

rape151

ছাত্ৰী এগৰাকীৰ বাবে শিক্ষক এজন পিতৃ স্বৰূপ। তেনে ক্ষেত্ৰত শিক্ষকৰ ছাত্ৰী এগৰাকীৰ প্ৰতি কৰা আচৰণত পৱিত্ৰতা থকাটোৱেই স্বাভাৱিক। কিন্তু এনে পৱিত্ৰ সম্পৰ্ককো কলুষিত কৰিবলৈ কুণ্ঠাবোধ নকৰা কিছুমান শিক্ষকৰূপী মানুহৰ বাবে গোটেই শিক্ষক সমাজে অপযশ ল’ব লগীয়া হয়।

হোজাইৰ হোজাই মহাবিদ্যালয়ৰ এজন শিক্ষকৰ লজ্জাজনক কাণ্ডয়ো এনেকুৱা এটা পৰিস্থিতিৰে সৃষ্টি কৰিলে আজি। ঘটনাৰ বিৱৰণী মতে কালিৰ পৰা আৰম্ভ হোৱা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ সময়ত এগৰাকী পৰীক্ষাৰ্থীক এজন শিক্ষকে যৌন নিৰ্য্যাতন কৰাৰ অভিযোগ উঠিছে।

এই অভিযোগত অবিযুক্ত শিক্ষকজনৰ নাম হ’ল জিতু কুমাৰ গুপ্তা। তেওঁ হোজাই মহাবিদ্যালয়ৰ অবৈতনিক প্ৰৱক্তা বুলি জানিব পৰা গৈছে।

সূত্ৰটোৱে জনোৱা মতে শিক্ষকজনে পৰীক্ষাৰ্থীক কৰা এই অনৈতিক ব্যৱহাৰৰ কথা পিছত ৰাজহুৱা হোৱাত ব্যাপক প্ৰতিবাদ উঠে। অভিযুক্ত শিক্ষকজনক বৰ্খাস্তৰ দাবী উঠে। প্ৰথম অৱস্থাত কৰ্তৃপক্ষই ব্যৱস্থা নলৈছিল যদিও আজি ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতিবাদত সেও মানি কলেজ কৰ্তৃপক্ষই প্ৰবক্তাজনক বৰ্খাস্ত কৰে।