পৰেশ বৰুৱাৰ ফোন বাগিচাৰ মালিকলৈ : মহৰী দীননাথ উপাধ্যায় আমাৰ জিম্মাত

অৱশেষত তিনিচুকীয়া জিলাৰ জাগুন আৰক্ষী চকীৰ অন্তৰ্গত উজনি ফানেংস্থিত এখন ক্ষুদ্ৰ চাহ বাগিচাৰ পৰা যোৱা ৮ জুনত অপহৰণ কৰি নিয়া বাগিচাখনৰ মহৰী তথা লেখাপনী থানাৰ অন্তৰ্গত ৩ নং উদয়পুৰ নিৱাসী দীননাথ উপাধ্যায়ৰ অপহৰণৰ দায়িত্ব স্বীকাৰ কৰিলে আলফা (স্বা)এ।

উল্লেখযোগ্য যে আজি দীননাথৰ পৰিয়ালৰ লোকে জনোৱা অনুসৰি উক্ত বাগিচাখনৰ স্বত্বাধিকাৰী জাগুনৰ ব্যৱসায়ী ৰাধা চেতিয়াক আলফা (স্বা)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই টেলিফোন যোগে দীননাথ আলফাৰ জিন্মাত থকা বুলি জনায়। লগতে অপহৃত দীননাথ সুস্থ শৰীৰে বিশেষ তত্ত্বাৱধানত ৰখা বুলিও আলফাৰ সেনাধ্যক্ষ গৰাকীয়ে ব্যৱসায়ী ৰাধা চেতিয়াক অৱগত কৰে।

অৱশ্যে অপহৃতৰ মুক্তিৰ বিষত কোনো ধৰণৰ কথা দীননাথৰ পৰিয়ালৰ লোকে জনোৱা নাই।

আনহাতে এই সন্দৰ্ভত তিনিচুকীয়া জিলাৰ আৰক্ষী অধীক্ষকক যোগাযোগ কৰাত তেওঁ অপহৃতক উদ্ধাৰৰ বাবে সেনা-আৰক্ষীয়ে অভিযান অব্যাহত ৰখা বুলি জানিবলৈ দিয়ে।

ইতিমধ্যে কালি দীননাথৰ পৰিয়ালৰ লোকৰ লগতে গোৰ্খা ছাত্ৰ সন্থাই এক সংবাদমেলৰ জৰিয়তে অপহৃতক সুস্থ শৰীৰে বিনা চৰ্তে মুক্তি দিবলৈ আলফা (স্বা) আহ্বান জনাইছিল।