NORTHEAST NOW (Assamese)

পৰ্যটনৰ বিকাশৰ লক্ষ্যৰে ২৩ মাৰ্চৰ পৰা ডিছক’ভাৰ ইষ্ট জয়ন্তীয়া মহোৎসৱ

March 20, 2018 1:30 pm · এন ই নাও নিউজ
Updated: March 20, 2018 1:39 pm

পূব জয়ন্তীয়া পাৰ্বত্য জিলাৰ প্রশাসনৰ সহযোগত তথা ৰিমবাই ইলাকা ট্যুৰিজ্যিম এণ্ড এনভায়ৰমেণ্ট ছ’চাইটীৰ উদ্যোগত অহা ২৩ মাৰ্চৰ পৰা দুদিনীয়াকৈ আয়োজন কৰা হৈছে ডিছক’ভাৰ ইষ্ট জয়ন্তীয়া মহোৎসৱ ২০১৮।

ঘাইকৈ জিলাখনত পৰ্যটনৰ সম্ভাৱনীয়তাৰ বিকাশৰ লক্ষ্যৰে আয়োজন কৰা এই মহোৎসৱখনিত বিভিন্ন ঐতিহ্যমণ্ডিত অঞ্চলৰ বিষয়ে জনসাধাৰণক সজাগ কৰাৰ প্ৰচেষ্টা চলোৱা হ’ব বুলি প্ৰকাশ কৰিছে উদ্যোক্তাসকলে।

উল্লেখযোগ্য যে এই মহোৎসৱখনত জিলাখনৰ লগতে ৰাজ্যখনৰ বিভিন্ন বৈচিত্ৰপূৰ্ণ গাঁও, সাংস্কৃতিক আচাৰ-অনুষ্ঠান, স্থানীয় সা-সামগ্ৰীৰ প্ৰদৰ্শনী, লোককৃষ্টি, লোকবাদ্য আৰু স্থানীয় ৰক বেণ্ডে প্ৰদৰ্শন আগবঢ়াব।

ইয়াৰ জৰিয়তে পৰ্যটক সকলে এক নতুন সাংস্কৃতিক উপমাৰ সৈতে চিনাকি হোৱাৰ লগতে পাহাৰীয়া জিলাখনৰ বৈচিত্ৰ্যময় জীৱনশৈলীৰ বিষয়েও অৱগত হোৱাৰ সুযোগ লাভ কৰিবলৈ সক্ষম হ’ব বুলি আশা কৰা হৈছে।

প্ৰসংগক্ৰমে উল্লেখযোগ্য যে পৰ্যটনৰ বিকাশৰ লগে লগে ইয়ে ৰাজ্যখনত এক উদ্যোগৰ ৰূপ ল’ব আৰু ইয়াৰ জৰিয়তে বহু নিৱনুৱাই কৰ্মসংস্থান লাভ কৰিবলৈ সক্ষম হ’ব বুলি আশা কৰিছে সমাৰোহখনিৰ আয়োজকসকলে।

সেয়েহে সমাৰোহখনি সাফল্যমণ্ডিত কৰিবলৈ সংশ্লিষ্ট সকলো পক্ষকে আহ্বান জনাইছে উদ্যোক্তাসকলে।

 

Related News