পৰ্যটন স্থলী তথা কীৰ্তিচিহ্ন সমূহ ব্যক্তিগত খণ্ডক গতাব বিছৰা কাৰ্যৰ প্ৰতিবাদত যোৰহাটত আটাছুৰ অৱস্থান ধৰ্মঘট

কেন্দ্ৰীয় চৰকাৰে বিশ্ব ঐতিহ্য কাজিৰঙাকে ধৰি অসমৰ প্রাচীন কীৰ্তিচিহ্ন সমূহৰ সংৰক্ষণৰ দায়িত্ব ব্যক্তিগত সংস্থাক প্রদান কৰিব বিচৰা সিদ্ধান্ত বাতিলৰ দাবীত সদৌ অসম তাই আহোম ছাত্ৰ সন্থা ( আটাছু), যোৰহাট জিলা সমিতিয়ে আজি যোৰহাট জিলা উপায়ুক্ত কার্যলয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰে।

আটাছুৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি কুমুদ গগৈ আৰু যোৰহাট জিলা সভাপতি ৰাজীৱ গগৈয়ে কয় যে কেন্দ্ৰীয় চৰকাৰৰ অধীনত পুৰাতত্ব বিভাগ বিয়াগোম বিভাগ। যাৰ কামেই হৈছে ঐতিহ্য আৰু স্থাপত্যসমূহৰ সংৰক্ষণ আৰু সৌন্দৰ্য্য বৰ্দ্ধনৰ ব্যৱস্থা গ্ৰহণ কৰা। কিন্তু অতি দুৰ্ভাগ্যজনকভাৱে কেন্দ্ৰীয় চৰকাৰে পৰ্যটন আৰু পুৰাতত্ত্ব বিভাগৰ দুৰ্বল চৰিত্ৰ প্ৰমাণ কৰিব বিচাৰিছে।

সংগঠনটোৱে উল্লেখ কৰে যে যদি ঐতিহ্য তথা ঐতিহাসিক কীৰ্তিচিহ্ন সমূহ সংৰক্ষণৰ দায়িত্ব ব্যক্তিগত সংস্থাৰ হাতত ন্যস্ত কৰিবলগীয়া হয়, তেন্তে এই বিভাগসমূহৰ কাম কি ? প্ৰয়োজনীয়তা কি ? অতি পৰিতাপৰ কথা যে যি সম্পদৰাজিয়ে অসম–অসমীয়াৰ গৌৰৱোজ্জ্বল ইতিহাসক প্রতিনিধিত্ব কৰে সেই সম্পদ সমূহৰ সংৰক্ষণ তথা সৌন্দৰ্য্য বদ্ধনৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ দুয়োখনেই অপাৰগ।

সংগঠনটোৱে কয় যে অসমৰ গৌৰৱোজ্জ্বল ইতিহাস ধূলিস্যাৎ কৰিব বিচৰা কাৰ্য্যক আটাছুৱে সহ্য নকৰে। আজিৰ প্ৰতিবাদৰ জৰিয়তে সংগঠনটোৱে কেন্দ্ৰীয় চৰকাৰৰ হঠকাৰী সিদ্ধান্ত বাতিলৰ দাবী জনাইছে। অন্যথা আৰু আন্দোলনৰ কাৰ্য্যসূচী লবলৈ বাধ্য হ’ববুলি আটাছুৱে সঁকীয়াই দিয়ে।