NORTHEAST NOW (Assamese)

পৱিত্ৰ বৰদিনত বন্যপ্ৰাণী ৰক্ষাৰ বাবে বন মন্ত্ৰীয়ে ভগৱান যীচুৰ ওচৰত জনালে প্ৰাৰ্থনা

December 25, 2017 10:25 am · ৰিনয় বসুমতাৰী

গোটেই বিশ্বজুৰি খৃষ্টান ধৰ্মালম্বী লোকসকলে আজিৰ দিনটোত উলহ-মালহেৰে উদযাপন কৰে পৱিত্ৰ বৰদিন। ঠিক সেইদৰে বি টি চিৰ মুখ্য সদৰ কোকৰাঝাৰতো ওখল-  মাখল পৰিবেশৰ মাজত  পৱিত্ৰ বৰদিন উৎসৱ আৰম্ভ হ’ল। কালি মাজনিশাৰ পৰাই কোকৰাঝাৰৰ বিভিন্ন খৃষ্টান ধৰ্মীয় ঘৰ তথা গিৰ্জা, বিদ্যালয় সমূহত হেজাৰ – হেজাৰ খৃষ্টান ধৰ্মালম্বী লোকে গোট খাই ভগৱান তথা পৰমেশ্বৰ যীচুৰ নাম লৈ গীত মাতেৰে পৰিৱেশ জীপাল কৰি তোলে।  কোকৰাঝাৰ সদৰ চহৰৰ কডমতোলা টাউন বাপ্তিস গিৰ্জা, কোকৰাঝাৰ এন ই এল চি গিৰ্জা আৰু ডন বস্ক’ স্কুলত  চহৰখনৰ বহু খৃষ্টান ধৰ্মালম্বী লোকে উপস্থিত হৈ ভগৱান যীচুৰ নাম লৈ বিভিন্ন কেৰল গীত পৰিবেশনৰ লগতে প্ৰাৰ্থনা কৰাও পৰিলক্ষিত হয়।

পৱিত্ৰ বৰদিনত যীচুৰ আশীৰ্বাদ লবলৈ মাজনিশা ৰাজ্যৰ বন মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মও উপস্থিত হয়  । বন মন্ত্ৰীয়ে প্ৰাৰ্থনাত অংশগ্ৰহণ কৰাৰ পুৰ্বে সংবাদ মাধ্যমৰ আগত কয় , অহা নৱবৰ্ষ ২০১৮ চনত যাতে বন্য প্ৰাণী আৰু সকলো বনাঞ্চল সুৰক্ষিত কৰিব পাৰো তথা কাজিৰঙা, মানাহ আৰু ওৰাং ৰাষ্ট্ৰীয় অভয়াৰণ্যত থকা গঁড়সমূহ ৰক্ষণা বেক্ষণ দিব পাৰোঁ তাৰ বাবে প্ৰথমতে প্ৰভু যীচুৰ ওচৰত আৰাধনা কৰিম । তাৰপিছত অসমৰ সকলো জনসাধাৰণে শান্তি , সম্প্ৰিতিৰ   মাজেৰে তথা  ৰাজ্যৰ উন্নয়নৰ কাৰণে যাতে একগোট হৈ সহবাস কৰে তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাম। নিজৰ কৰ্ম জীৱনত অনিচ্ছাকৃত ভাবে কৰা বেয়া, ভুলৰ বাবেও ভগৱান তথা প্ৰভু যীচুৰ ওচৰত ক্ষমা বিচাৰিব বুলি সংবাদ মাধ্যমক জনালে।

Related News