ফক্স লাইফ ইণ্ডিয়াত প্ৰদৰ্শিত হ’ব অসমৰ ওপৰত নিৰ্মিত তথ্যচিত্ৰ

awesome assam

অহা ২৪ তাৰিখৰ পৰা ফক্স লাইফ ইণ্ডিয়াত প্ৰদৰ্শিত হ’ব অসমৰ ওপৰত নিৰ্মিত এখন নতুন তথ্যচিত্ৰ। ‘অ’ছাম আছাম উইথ ছাৰা ট’ড’ নামৰ এই তথ্যচিত্ৰখনত অসমৰ বিভিন্ন দিশ তুলি ধৰা হ’ব বুলি জানিব পৰা গৈছে। তথ্যচিত্ৰখন মাৰ্চৰ ২৪ তাৰিখে প্ৰিমিয়াৰ হোৱাৰ পিছত এপ্ৰিলৰ ১৪ তাৰিখে নেটজিঅ’ চেনেলত পুনৰ প্ৰচাৰ কৰা হ’ব। ফক্স লাইফ ইণ্ডিয়াত এই তথ্যচিত্ৰখন ৮ বজাৰ পৰা এঘণ্টা সময়ৰ বাবে প্ৰদৰ্শিত কৰা হ’ব।

এই তথ্যচিত্ৰখনত অসমৰ সৌন্দৰ্য, পৰম্পৰা আৰু চহকী সংস্কৃতিক তুলি ধৰা হ’ব।

এঘণ্টা ব্যাপি চলিবলগীয়া এই তথ্যচিত্ৰখনত আন্তঃজাতিক খ্যাতিসম্পন্ন মডেল আৰু চেফ ছাৰা ট’ড অসমৰ উদয়ন বৰুৱাই আঁত ধৰিব।এই তথ্যচিত্ৰখনত উমানন্দৰ পৰা মাজুলীলৈকে অসমৰ ঐতিহ্য আৰু বাৰেৰহণীয়া সংস্কৃতি তুলি ধৰা হ’ব।

ব্ৰহ্মপুত্ৰত নৌকা ভ্ৰমণৰ পৰা অসমৰ বাট পথেৰে ভ্ৰমণলৈকে বিশ্বৰ দৰ্শকৰ ওচৰত অসমক তুলি ধৰা হ’ব আকৰ্ষণীয় ৰূপত।

এই তথ্যচিত্ৰখনৰ বাবে ছাৰা ট’ডে অসমৰ বিভিন্ন ঐতিহাসিক স্থান দৰ্শন কৰিব, জনগোষ্ঠীয় খাদ্য সম্ভাৰৰ জুতি ল’ব আৰু চাহ বাগিচাত সময় কটাব।

তেওঁক তথ্যচিত্ৰখনত অসমৰ পৰম্পৰাগত মেখেলা চাদৰ পৰিধান কৰাও দেখা যাব।