দৌলোৎসৱৰ ‘ফাকুৱা’ত জনসমুদ্ৰত পৰিণত বৰপেটা সত্ৰ : বিভিন্ন প্ৰান্তৰ অগণন ভক্তৰ সমাগম

Barpeta- Holi Festival

বৰপেটাৰ ফাকুৱাৰ এটা দৃশ্য।

আবিৰ আৰু হোলীগীতৰ মূৰ্ছনাত মুখৰিত হৈ পৰিল সত্ৰনগৰী বৰপেটা । পূৰ্বৰ পৰাই মহা আড়ম্বৰপূৰ্ণভাৱে পালন কৰি অহা বৰপেটা সত্ৰৰ দৌল উৎসৱ কেৱল অসমতেই নহয় ভাৰতবৰ্ষতেই বিখ্যাত।

শংকৰী কলা-সংস্কৃতিৰে ভৰপূৰ বৰপেটা সত্ৰৰ লগতে ইয়াৰ নিকটৱৰ্তী অঞ্চলসমূহ আজি ফাকুৱাৰ আবিৰৰ মাজত একাকাৰ হৈ পৰে। মহাপুৰুষ দুজনা গুৰু শ্ৰীমন্ত শংকৰদেৱ, শ্ৰীশ্ৰী মাধৱদেৱৰ লগতে আতা পুৰুষসকলৰো ঠাই বৰপেটা ধামৰ আকাশে-বতাহে বাজি উঠিছে কৃষ্ণ বন্দনা। উৎসৱমুখৰ পৰিৱেশত সহস্ৰাধিক তীৰ্থযাত্ৰী তথা হাজাৰ হাজাৰ লোকৰ উপস্থিতিত লোকে লোকাৰণ্য হৈ পৰে বৰপেটা সত্ৰ।

উল্লেখযোগ্য যে মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱ প্ৰতিষ্ঠিত বৰপেটা সত্ৰত এইবেলি পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দৌল মহোৎসৱ আয়োজন কৰিছিল। আজি ‘ফাকুৱা’ উপলক্ষে লোকে লোকাৰণ্য হৈ পৰে সত্ৰ চৌহদ। সত্ৰনগৰীবাসীয়ে আজি পুৱাৰে পৰা ৰং-বিৰঙৰ নানাৰঙী আবিৰ সানি প্ৰতিখন হাটীৰ অলিয়ে-গলিয়ে ঢোল, তাল-খুঞ্জুৰি লৈ গোৱা হোলী গীতসমূহে মুখৰিত কৰি তোলে বৰপেটাৰ আকাশ-বতাহ। কিশোৰ, চেমনীয়া, ডেকাসকলে প্ৰাণঢালি গোৱা হোলীগীতৰ মূৰ্ছনাত মুখৰিত হোৱা সত্ৰনগৰী বৰপেটাৰ এই বৰ্ণিল দৃশ্য উপভোগ কৰিবলৈ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা অসংখ্য লোকৰ সমাগম ঘটা পৰিলক্ষিত হয়।

উল্লেখযোগ্য যে কালি ভৰদৌলৰ দিনা নক্ষত্ৰৰ ক্ষণ গণনা অনুসৰি, গোসাঁইক দৌলগৃহৰ পৰা নমাই মণিকূট গৃহত প্ৰৱেশ কৰোৱা হয়। আবিৰৰ ৰঙে চৌদিশ মুখৰিত কৰা সত্ৰ চৌহদত আজি বিয়লি দৌল গোবিন্দ আৰু কলীয়া ঠাকুৰ গোসাঁইক মঠৰ চোতালত উলিয়াই আনি সত্ৰীয়া ৰীতি-নীতিৰে দুখন সুশোভিত দোলাত তুলি গায়ন-বায়ন, ঢুলীয়া সমন্বিতে অগণন ভক্তৰ উপস্থিতিত বৰপেটা সত্ৰৰ দক্ষিণ দিশে থকা কলবাৰী সত্ৰলৈ ‘হেকেটা’ খুৱাবলৈ নিয়া হয়।

এই সময়ছোৱাত অগণন ভক্তই সমদলেৰে আনন্দত আত্মহাৰা হৈ হোলীগীত গাই যোৱা দৃশ্য উপভোগ কৰিবলৈ পদূলিয়ে পদূলিয়ে অসংখ্য লোক ৰৈ থকাটোও আন এক লক্ষণীয় দিশ আছিল। ‘হেকেটা’ খুওৱা পৰ্বৰ সমাপ্তিৰ পিছত গোসাঁইক পুনৰ বৰপেটা সত্ৰলৈ অনা হয়। গোসাঁই আহি বৰপেটা সত্ৰৰ মুখ্য প্ৰৱেশ পথ পোৱাৰ লগে লগে টুপৰ চোতালত ‘বাঁহ ভঙা’ পৰ্ব অনুষ্ঠিত হয়।

এই পৰ্বৰ পিছতে গোসাঁইক কীৰ্তনঘৰৰ চাৰিওপিনে সাতপাক প্ৰদক্ষিণ কৰোৱা সময়তে মঠৰ চোতালত অনুষ্ঠিত হয় ‘বোল্বোলনি’ নামৰ এক অৰ্ধনাটকীয় অনুষ্ঠান। এই অনুষ্ঠানত লক্ষ্মীৰ পক্ষত এজন ভকত আৰু শ্ৰীকৃষ্ণৰ পক্ষত এজন ভকতে বাদানুবাদত লিপ্ত হয়। এই বাদানুবাদৰ অন্তত শ্ৰীকৃষ্ণই পৰাজয় স্বীকাৰ কৰি লক্ষ্মীৰ ওচৰত দণ্ড ভৰে আৰু লক্ষ্মীয়ে গোসাঁইক মণিকূটত প্ৰৱেশৰ অনুমতি দিয়ে। সেই অনুসৰি, সন্ধিয়া ভাগত দৌল গোবিন্দ আৰু কলীয়া ঠাকুৰক কীৰ্তন ঘৰৰ মণিকূট গৃহত প্ৰৱেশৰ পিছতে ঐতিহ্যমণ্ডিত বৰপেটা দৌলোৎসৱৰ আনুষ্ঠানিক সামৰণি পৰে।