ফুটবলৰ মহাযুদ্ধ ফিফা বিশ্বকাপক আদৰিবলৈ সাজু ছিকিম

thumbnail-fifa-570x320

মাজত মাথো এদিন। হয়, ১৪ জুনত য়ুৰোপৰ ৰাছিয়াত আৰম্ভ হ’ব ফুটবল মহাৰণ। ফুটবলৰ মহাযুদ্ধ ফিফা বিশ্বকাপৰ উত্তেজনা, উৎকণ্ঠা আৰম্ভ হৈছে বিশ্ববাসীৰ মাজত। বিশ্বৰ সমান্তৰালকৈ ছিকিম তথা উত্তৰ-পূব ভাৰততো ফুটবল জ্বৰত আক্ৰান্ত হৈছে ফুটবল প্ৰেমী।

আজি ছিকিমৰ ৰাজধানী গেংটকত ফুটবল ক্লাব এছ’চিয়েশ্যন অব ছিকিমৰ উদ্যোগত পৃথিৱীৰ সৰ্ববৃহৎ ক্ৰীড়া মহোৎসৱ ফিফা বিশ্বকাপ ২০১৮ক আদৰিবলৈ সাজু হৈ উঠিছে বিভিন্ন কাৰ্যসূচীৰ মাজেৰে।

আজি বিয়লি ৪ বজাৰ পৰা গেংটকৰ এমজি মাৰ্গস্থিত পুৰণি পৰ্যটন কাৰ্যালয়ৰ সন্মুখত এছ’চিয়েশ্যনে ‘বিশ্বকাপ মহোৎসৱ’ শীৰ্ষক উৎসৱৰ আয়োজন কৰিছে।

ফুটবল ক্লাব এছ’চিয়েশ্যন অব ছিকিমৰ সাধাৰণ সম্পাদক সুমীত থিৰানীয়ে এই উৎসৱৰ আয়োজন সম্পৰ্কে কয় যে বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়া মহোৎসৱত ফুটবল দক্ষতা প্ৰতিযোগিতা, ছিকিম পুলিচৰ বেণ্ড প্ৰদৰ্শন, ডিজে শ্ব’, সমদলৰ লগতে অন্যান্য অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

আনহাতে ২০১৮ বিশ্বকাপৰ অংশগ্ৰহণকাৰী দেশ সমূহৰ জাতীয় পতাকাও এমজি মাৰ্গত আৰি দিব বুলিও জনায়।

‘ছিকিম যে ফুটবল প্ৰেমী ৰাজ্য সেয়া দেখুৱাবলৈ এতিয়া সকলো একত্ৰিত হোৱাৰ সময়। আমাৰ তৰফৰ পৰা সকলোকে এই মহোৎসৱত অংশ ল’বলৈ আমণ্ট্ৰণ জনালো আৰু আৰু ইয়ালৈ আহি সকলো ফুটবল প্ৰেমীয়ে নিজৰ নিজৰ পচন্দৰ দলক সমৰ্থন কৰক’। এইদৰে সুমীত থিৰানীয়ে সংবাদ মাধ্যমৰ আগত অনুৰোধ জনায়।

আনহাতে এই মহোৎসৱত অংশ ল’বলৈ ফুটবল ক্লাব এছ’চিয়েশ্যন অব ছিকিমে ৰাজ্যখনৰ সকলো ক্ৰীড়া সংগঠনকে আহ্বান জনায়।