ফেচবুকৰ বন্ধু বিচাৰি দিল্লীলৈ গৈ নিৰুদ্দেশ অৰুণাচলৰ যুৱতী

অৰুণাচলৰ এগৰাকী যুৱতী দিল্লীলৈ গৈ নিৰুদ্দেশ হৈছে। জানিব পৰা মতে, অৰুণাচলৰ লোহিত জিলাৰ তেজুৰ বাসিন্দা জেন্টি বেল্লাই অভিভাৱকে গম নোপোৱাকৈ দিল্লীলৈ তেওঁৰ ছিচয়েল নেটৱৰ্কিং চাইট ফেচৱুকৰ যুৱক বন্ধুক লগ পাবলৈ গৈছিল। যুৱতীগৰাকীক দিল্লীত চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়া যুৱকগৰাকীক আহটাৰ হাছান বুলি চিনাক্ত কৰা হৈছে।

বেল্লাইৰ অভিভাৱক  আৰু আত্মীয় তথা বন্ধু বান্ধৱে এতিয়ালৈকে তাইৰ সৈতে যোগাযোগ কৰিব পৰা নাই। যুৱতীগৰাকীৰ ফোন বন্ধ থকাৰ লগতে তাইৰ ফেচবুক একাউন্টো নিষ্ক্ৰিয় হৈ পৰা জানিব পাৰি অভিভাৱকে আৰক্ষীক ঘটনাটো অৱগত কৰে। দিল্লী আৰক্ষীৰ অপৰাধ শাখাক ঘটনাটো সম্পৰ্কে জনাই দিয়া হৈছে। দিল্লী আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই তৎকালীন সহায়ৰ আশ্বাস দিছে।

নিৰুদ্দিষ্ট যুৱতীগৰাকীক তেওঁৰ ইচ্ছাৰ বিৰুদ্ধে আবদ্ধ কৰি ৰখাৰ সন্দেহ কৰা হৈছে। ভাল চাকৰি দিয়াৰ লোভ আৰু মহানগৰীত এটা স্বাচ্ছন্দ্যপূৰ্ণ জীৱনৰ প্ৰলোভনত পৰি উত্তৰ পূবৰ ভিতৰুৱা অঞ্চলৰ বহু যুৱক যুৱতী প্ৰৱঞ্চকৰ জালত পৰা দেখা যায়। আনকি কেতিয়াবা মানৱ সৰবৰাহৰ দৰে ঘটনাৰ বলিও হয় এনে বহু যুৱক যুৱতী।